Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত ২৬৬ টকীয়া সাৰ বিক্ৰী হয় ৭০০ টকাত

মানকাচৰত ২৬৬ টকীয়া সাৰ বিক্ৰী হয় ৭০০ টকাত

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চৰকাৰে যোগান ধৰা ৰাজসাহাৰ্য্যযুক্ত ইউৰিয়া সাৰৰ বৃহৎ ছিণ্ডিকেট চলি থকা পৰিলক্ষিত হৈছে। চৰকাৰে নিৰ্ধাৰন কৰি দিয়া ইউৰীয়া সাৰৰ মূল্যতকৈ দুই-তিনিগুন অধিক দামত একাংশ সাৰৰ দোকানীয়ে বিক্ৰী কৰি অহাৰ ফলত জিলাখনত কৃষক ৰাইজক উদ্বিগ্ন হৈ পৰিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ আন আন জিলাৰ দৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষকৰ বাবে চৰকাৰে ৰাজসাহাৰ্য্যযুক্ত ইউৰিয়া সাৰৰ যোগান দি আহিছে । কিন্তু এই ৰাজসাহাৰ্য্যযুক্ত ইউৰিয়া সাৰ বিক্ৰীৰ ক্ষেত্ৰত সাৰৰ এজেণ্টে সকলে দুইৰ পৰা তিনিগুন অধিক দামত বিক্ৰী কৰাৰ বাবে কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । ইউৰীয়া সাৰৰ চৰকাৰী মূল্য ২৬৬ টকা । কিন্তু একাংশ দোকানায়ীে এই ইউৰীয়া সাৰ ৫০০ টকাৰ পৰা ৭০০ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী দামত সাৰ বিচাৰিলে ইউৰীয়া সাৰ নাই বুলি দোকানী-এজেণ্ট সকলে কৃষকক ঘুৰাই পঠিয়ায়। ফলত কৃষক সকলে উপায়হীন হৈ অত্যাধিক দামত ইউৰীয়া ক্ৰয় কৰি খেতিবাতি কৰিবলগীয়া হৈছে। জিলাখনত কমেই তিনি বছৰৰ পৰা এজেণ্ট সকলে ইউৰীয়া সাৰৰ নাটনি দেখুৱাই এইদৰে অত্যাধিক দামত সাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। চৰকাৰী ৰাজসাহাৰ্য্যযুক্ত ইউৰীয়া সাৰ স্থানীয় এজেণ্ট সমুহে কৃষকৰ ওচৰত উচিত মূল্যত বিক্ৰীৰ পৰিৱৰ্তে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজি কৰি দ্বিগুণত কৈ অধিক দামত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

মন কৰিবলগীয়া যে জিলাখনৰ সদৰ হাটশিঙিমাৰীস্থ উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা ৫০ মিটাৰ নিলগত থকা হাটশিঙিমাৰী ছুপাৰমাৰ্কেটত কেবাগৰাকী সাৰৰ এজেণ্টৰ লগতে জিলাখনৰ খাৰুৱাবান্ধা, কুচনীমাৰা, মানকাচৰকে ধৰি বিভিন্ন প্ৰান্তৰ সাৰৰ এজেণ্টসকলে জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে মুকলিকৈ অত্যাধিক দামত  ইউৰিয়া সাৰ বিক্ৰী কৰি সাধাৰণ কৃষকৰ পৰা ধন লুটি কোৱা পৰিলক্ষিত হৈছে। এজেণ্ট সকলে এইদৰে অত্যাধিক দামত সাৰ বিক্ৰী কৰাৰ বিষয়ে জিলা কৃষি বিভাগৰ উৰ্ধতম কতৃপক্ষক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো বিভাগটোৰ বিষয়া – কৰ্মচাৰীয়ে সকলো দেখিও নেদেখাৰ ভাও ধৰি থকা কাৰ্যই এক ৰহস্য ঘনীভূত হৈ পৰিছে। এই বিষয়ে জিলা প্ৰশাসনৰ মৌনতাও অতি ৰহস্যজনক।

এনেকি চৰকাৰে কৃষকৰ বাবে যোগান ধৰা ৰাজসাহাৰ্য্যযুক্ত ইউৰিয়া সাৰ গোপনে ৰাখি সাৰৰ কৃতিম নাটনি দেখুৱাই জিলাখনত এটা বৃহৎ দূষ্ট চক্ৰই ছিণ্ডিকেট চলাই থকা পৰিলক্ষিত হৈছে। কৃষকক ৰামটাঙোন শোধোৱাৰ লগতে চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে সাৰৰ দোকানী সকলৰ বিৰুদ্ধে। ইয়াৰোপৰি জিলাখনৰ এইচ এছ এম ছীড হাউচ,  ৰাজা বীজ ভাণ্ডাৰ,  তাৰা মোহন তৰুণ কুমাৰ সাহা,  অসম কৃষি ষ্টোৰ,  শান্তি ষ্টোৰ আৰু ইয়াচমিন ইন্টাৰপ্ৰাইজ নামৰ সাৰৰ পাইকাৰী মুল্যৰ ৭টা এজেঞ্চিয়ে সাৰ কোম্পানীৰ লগত গোপন বুজাবুজি কৰি বিভাগীয় বিষয়াৰ অজ্ঞাতে দুমাহ ধৰি প্ৰতিমাহত দ্বিগুনকৈ সাৰ আৱন্টন কৰি আনি এক বৃহৎ কেলেংকাৰী সংঘটিত কৰি সাৰৰ বৃহৎ কলা বজাৰ গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে।

জিলাখনত চলি থকা চৰকাৰী ৰাজসাহাৰ্য্যযুক্ত সাৰৰ এই বৃহৎ কলা বজাৰ চক্ৰৰ বিৰুদ্ধে অনুসন্ধান চলালে জুলুঙাৰ মেকুৰী ওলাই পৰাৰ লগতে একাংশ বৰমূৰীয়াৰ প্ৰকৃত স্বৰূপ ওলাই পৰাৰ সম্ভাবনা আছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments