মানকাচৰ থানা এলেকাৰ অধীনস্থ বোৱালী গাঁৱৰ আজমিনা খাতুন নামৰ চাৰি সন্তানৰ মাতৃ এগৰাকীক টেট শিক্ষক সহ পাঁচজন লোকে প্ৰহাৰ কৰি মূৰত আঘাত কৰাৰ বাবে মহিলা গৰাকী মৃত্যু মুখত পৰা ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ২ হেজাৰ ১২৯ নং বোৱালীয়া এল পি স্কুলত কৰ্মৰত টেট শিক্ষক আতাৰুল ইছলাম, তেওঁৰ ভাতৃ আখিৰুল ইছলাম, আখিৰুল ইছলামৰ পত্নী লিপি ছুলতানা, গাওঁখনৰ প্ৰয়াত আব্দুল লতিফৰ পুত্ৰ আব্দুল আজাদ আৰু কুকুৰমাৰা প্ৰথম খণ্ড গাঁৱৰ নজমুল ইছলামৰ পুত্ৰ মফিদুল ইছলামৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে। এই পাঁচজনৰ বিৰুদ্ধে ইতিমধ্যে মানকাচৰ থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে। বৰ্তমানে এই পাঁচ অভিযুক্ত পলাতক অৱস্থাত আছে। আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। মহিলা গৰাকীৰ এটি নাবালক পুত্ৰক শিক্ষক জনৰ সম্পৰ্কীয় ভাতৃয়ে মেঘালয়ত দিন হাজিৰা কৰিবলৈ লৈ গৈছিল। নাবালিকা পুত্ৰক কামৰ পৰা উভতাই অনাৰ বাবে মহিলা গৰাকীয়ে দাবী কৰাৰ পাছত শিক্ষক পৰিয়ালৰ সৈতে মহিলা গৰাকীৰ কাজিয়া হোৱাত এইদৰে তেওক প্ৰহাৰ কৰি হত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে।