গুৱাহাটী-মানকাচৰ নৈশ বাছত ধেমাজীৰ এগৰাকী টেট শিক্ষয়িত্ৰীক শ্লীলতা হানি কৰা বয়োজ্যেষ্ঠ বাছ যাত্ৰীটোৰ বিৰুদ্ধে শিক্ষয়িত্ৰী গৰাকীয়ে আজি হাটশিঙিমাৰী জিলা অতিৰিক্ত উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে। জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ড০ হিতেশ মজুমদাৰক শিক্ষয়িত্ৰী গৰাকীয়ে এই অভিযোগ দাখিল কৰাৰ পাচত অভিযোগ পত্ৰখন জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। নৈশ বাছত মহিলা আৰু যুৱতী সকল যাতায়তৰ ক্ষেত্ৰত যাতে অনাগত দিনত নিৰ্যাতনৰ বলি হব নালাগে তাৰ বাবে সাহসি শিক্ষয়িত্ৰী গৰাকী অভিযোগ দাখিল কৰি ন্যায় প্ৰদানৰ দাবী জনাইছে। লক্ষণীয় যে শিক্ষয়িত্ৰী গৰাকীক শ্লীলতা হানি কৰা ঘটনাটো পোহৰলৈ অহাৰ পাচত সামাজিক মাধ্যমত একাংশ ঠেক মনোভাৱৰ লোকে লম্পট যাত্ৰীটোৰ সমৰ্থন কৰি শিক্ষয়িত্ৰী গৰাকীক সমালোচনা কৰা পৰিলক্ষিত হৈছে। শিক্ষয়িত্ৰী গৰাকীয়ে জিলাখনৰ পৰা বদলি হোৱাৰ বাবে এই ঘটনা সংঘটিত কৰা বুলি একাংশ জনে অপপ্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে । কিন্তু শিক্ষয়িত্ৰী গৰাকীয়ে আজিলৈ নিজৰ বদলিকৰণৰ বাবে চৰকাৰ তথা শিক্ষা বিভাগৰ ওচৰত আজিলৈ কোনো আবেদন নাই বুলি শিক্ষয়িত্ৰী গৰাকীয়ে জানিবলৈ দিছে। সকলো নৈশ বাছত মহিলা আৰু যুৱতী যাত্ৰী সকলক নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বুলি শিক্ষয়িত্ৰী গৰাকীয়ে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী তুলিছে।