Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়প্ৰেমিকাৰ আত্মহত্যা, প্ৰেমিকক গ্ৰেপ্তাৰ !

প্ৰেমিকাৰ আত্মহত্যা, প্ৰেমিকক গ্ৰেপ্তাৰ !

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত আৰক্ষীয়ে এজন প্ৰেমিকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰিছে। ধৃত প্ৰেমিক জনক নস্কৰা গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ পুত্ৰ আল আমিন বুলি চিনাক্ত কৰা হৈছে। যোৱা ২ এপ্ৰিল তাৰিখে ফকিৰগঞ্জৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী আত্মহত্যা কৰিছিল। কিশোৰী গৰাকীৰ সৈতে এই প্ৰেমিক আল আমিনৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিছুদিন ধৰি কম বয়সীয়া প্ৰেমিকা গৰাকী প্ৰেম প্ৰত্যাখান কৰাৰ বাবে প্ৰেমিক আল আমিনে সামাজিক মাধ্যমত কিছু আপত্তিজনক ফটো ভাইৰেল কৰিছিল। ফলত কিশোৰী প্ৰেমিক গৰাকী আত্মত্যা কৰে। ঘটনাক লৈ কিশোৰী গৰাকীৰ পৰিয়ালে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰাৰ পাছত আজি ফকিৰগঞ্জ আৰক্ষীয়ে প্ৰেমিক গৰাকীক গ্ৰেপ্তাৰ কৰে ।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments