Friday, October 18, 2024
Google search engine
গৃহস্থানীয়আইৰকাটাত চোৰ গ্ৰেপ্তাৰ

আইৰকাটাত চোৰ গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ আইৰকাটা বাগানপাৰাত সাহেব আলী নামৰ লোক জনৰ ঘৰত দিনৰ ভাগতে এটা চোৰ সোমাই লুটপাট চলাই থকা অৱস্থাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক কৰায়ত্ব কৰে। ধৃত চোৰটোক গাওঁখনৰে মেহেৰ আলীৰ পুত্ৰ ইয়াচিন আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments