Thursday, July 25, 2024
Google search engine
গৃহউত্তৰ-পূবহাটশিঙিমাৰীৰ ঠিকাদাৰক পাঁচলাখ টকা দাবী, গুলিৰ ভাবুকি

হাটশিঙিমাৰীৰ ঠিকাদাৰক পাঁচলাখ টকা দাবী, গুলিৰ ভাবুকি

হাটশিঙিমাৰী অঞ্চলৰ ফুলেৰচৰ গাঁৱৰ ফুলবাবু সেখ নামৰ ঠিকাদাৰ জনক এটা মোবাইলৰ পৰা দূস্কৃতিকাৰীয়ে ৫ লাখ টকা দাবীৰ কৰাৰ লগতে গুলি কৰাৰ ভাবুকি দিয়ে। মেছেজযোগে ঠিকাদাৰজনক ভাবুকি প্ৰদান কৰাত তেওঁ খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ঠিকাদাৰজন মেঘালয়ত কৰ্মৰত। মেঘালয়ৰ আমপাতি আৰক্ষী অধীক্ষকক তেওঁ বিষয়টো অৱগত কৰাত মেঘালয় আৰক্ষীয়ে ভাবুকি দিয়া যুৱকজনক আটক কৰি খাৰুৱাবান্ধা আৰক্ষীক গতাই দিয়ে। খাৰুৱাবান্ধা আৰক্ষী ঘটনাৰ তদন্তৰ পাচত হাসিনুৰ ৰহমান নামৰ যুৱক জনক জামিনত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে। খাৰুৱাবান্ধা আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। ঠিকাদাৰ ফুলবাবু সেখ ইদৰ সময়ত নিজৰ ঘৰত আহিছিল। পুনৰ তেওঁ মেঘালয়ত যোৱাৰ পাচত দূস্কৃতিকাৰীৰ ভাবুকিত পৰিব নেকি তাক লৈ চিন্তিত হৈ পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments