Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী প্ৰেছ ক্লাবত ৰাইজৰ দলৰ সংবাদমেল

হাটশিঙিমাৰী প্ৰেছ ক্লাবত ৰাইজৰ দলৰ সংবাদমেল

হাটশিঙিমাৰী প্ৰেছ ক্লাবত আজি দিনৰ প্ৰায় ১১ বজাত ৰাইজৰ দলৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ সহযোগত দলটোৰ মুখপাত্ৰ অধিবক্তা আনিছুৰ ৰহমান এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেল যোগে তেওঁ দক্ষিণ শালমাৰা আৰু মানকাচৰ শিক্ষা খণ্ডৰ অধীনত থকা বিদ্যালয় সমূহৰ শিক্ষকৰ সমস্যাক লৈ তথ্য দাঙি ধৰে। অধিবক্তা জনে দিয়া তথ্য মতে জিলাখনৰ কোনোবা স্কুলত মাত্ৰ ১৬ গৰাকী শিক্ষকৰ বিপৰীতে শিক্ষকৰ সংখ্যা ৪ জন, আকৌ কোনোবা স্থানত প্ৰায় ৪০০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ ৪ জন। কম ছাত্ৰ থকা বিদ্যালয়ৰ পৰা শিক্ষক সকলক বদলি কৰি অধিক ছাত্ৰ থকা বিদ্যালয়ত শিক্ষক সকলক নিযুক্তিৰ বাবে অধিবক্তা জনে দাবী তুলিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments