দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতীয়ে আজি জিলাখনত আধাৰ ৰথ মুকলি কৰে। সাধাৰণ জনতাৰ মাজত আধাৰ কাৰ্ড সম্পৰ্কে সজাগতা অনাৰ বাবে এই ৰথ মুকলি কৰা হৈছে। ৰথ খনে আজিৰ পৰা জিলাখনৰ প্ৰতিখন পঞ্চায়ত আৰু গাওঁত প্ৰবেশ কৰি সাধাৰণ লোকৰ মাজত সজাগতা আনিব। আধাৰ কাৰ্ডৰ আপডেড তথা নাম ঠিকনা ভূল থাকিলে শুদ্ধ কৰাৰ লগতে নতুনকৈ আধাৰ কাৰ্ড বনোৱা সম্পৰ্কে ৰাইজৰ মাজত এই ৰথ খনে সজাগতা আনিব। জিলা উপায়ুক্ত গৰাকী হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মুল গেটৰ সম্মুখত আধাৰ ৰথখন মুকলি কৰাৰ পাচত ৰথখন সজাগতাৰ বাবে বিভিন্ন গাওঁলৈ যাত্ৰা আৰম্ভ কৰে।




