Thursday, July 25, 2024
Google search engine
গৃহদেশ-বিদেশভূটানৰ শিল ৰপ্তানি হ'ব মানকাচৰ-বাংলাদেশ সীমান্তয়েদি

ভূটানৰ শিল ৰপ্তানি হ’ব মানকাচৰ-বাংলাদেশ সীমান্তয়েদি

ভূটানৰ পৰা শিলৰ উপৰিও বিভিন্ন সামগ্ৰী মানকাচৰ হৈ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি কৰা হব। ইয়াৰ বুজ লবলৈ কালি ভূটান কাউন্সিল জেনেৰেলসহ এটা সজাতি দল মানকাচৰলৈ আহি ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিছে। মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত ভূটান কাউন্সিল জেনেৰেল গৰাকী উপস্থিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়। ভূটানৰ পৰা শিলৰ লগতে বিভিন্ন সামগ্ৰী বাংলাদেশলৈ আমদানি-ৰপ্তানি কৰা সম্পৰ্কে বিএছএফ আৰু আন্তৰাষ্ট্ৰীয় আমদানি ৰপ্তানি সন্থাৰ সৈতে আলোচনা কৰে। এই কাৰ্যসূচীত মানকাচৰ সীমান্তত নিয়োজিত হৈ থকা ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰকান্ত উপাধ্যায় উপস্থিত থাকি ভূটানৰ দলটোক সীমান্ত পৰিদৰ্শন কৰায়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments