দক্ষিণ শালমাৰাৰ বন্দিহানা আৰক্ষী চকী এলেকাৰ অধীনস্থ মাজেৰ আলগাত তৃতীয় খণ্ড গাঁৱত কালি পুৱা প্ৰায় ৮.৩০ বজাত দুই পৰিয়ালৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈ ৬ জন লোক আহত হৈছে। গাওঁখনৰ আবুল হুছেইন নামৰ লোক কালাচান্দ আলীৰ পৰা পাবলগা ধন বিচৰাত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। ফলত কালাচান্দ আলীৰ পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে আবুল হুছেইনৰ পৰিয়ালক আক্ৰমণ কৰে। আক্ৰমণত আবুল হুছেইন আৰু মহিলা সহ ৬ জন লোক আহত হয়। ঘটনা সন্দৰ্ভত আবুল হুছেইনৰ পৰিয়ালে বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। বন্দিহানা আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই থকা পৰিলক্ষিত হৈছে। আবুল হুছেইনক বৰ্তমানে ধুবুৰী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰাই চিকিতসা প্ৰদান কৰি থকা হৈছে।




