Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত ব্ৰাউন ছুগাৰ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

মানকাচৰত ব্ৰাউন ছুগাৰ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী পিপুলবাৰীত কালি সন্ধিয়া প্ৰায় ৮ আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান চলাই ব্ৰাউন ছুগাৰৰৰ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ ভিত্তিত কালাপানী আৰক্ষী কালি অসম মেঘালয় সীমান্তবৰ্তী পিপুলবাৰীত অভিযান চলায় । আৰক্ষীয়ে এটা মটৰ চাইকেল, দুটা মোবাইল ফোন সহ  দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰি তেওঁলোকৰ পৰা ২২.৫৩ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ জব্দ কৰিছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ খাৰুৱাবান্ধা গাঁৱৰ জয়নাল আবেদিনৰ পুত্ৰ আজিজুল হক আৰু বৰঝোৰা গাঁৱৰ হাবেজ উদ্দীনৰ পুত্ৰ খুৰশেদ আলী বুলি চিনাক্ত কৰা হৈছে। ঈদৰ প্ৰাক খনত ড্ৰাগছ সৰবৰাহকাৰী দুটাই ব্ৰাউন ছুগাৰ খিনি জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা পিপুলবাৰীলৈ নিয়া অৱস্থাত জব্দ কৰা হৈছে। মানকাচৰ আৰক্ষীয়ে আজি ড্ৰাগছ সৰবৰাহকাৰী দুটাক জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে।অধিক তদন্তৰ বাবে আদালতে মানকাচৰ আৰক্ষীক তিনি দিনৰ জিম্মাদ দিছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ লগত জৰিত আৰু বহু কেইজন ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments