Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ ঐতিহাসিক মিৰজুমালা ইদগাহত ২৫ হেজাৰ লোকে আদায় কৰিলে সমূহীয়া ঈদৰ নামাজ

মানকাচৰ ঐতিহাসিক মিৰজুমালা ইদগাহত ২৫ হেজাৰ লোকে আদায় কৰিলে সমূহীয়া ঈদৰ নামাজ

আজি পবিত্ৰ ইদ । সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ অন্তত বিশ্বজুৰি ইছলাম ধৰ্মৰ লোক সকলে উলহ মালহেৰে ইদ উদযাপন কৰে। অসম মেঘালয় সীমান্তবৰ্তী মানকাচৰৰ মিৰজুমালা মাজাৰ শ্বৰীফ ইদগাহ মৈদানতো ইদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰা হয়। মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম সংখ্যালঘূ বৰ্ডৰ অধ্যক্ষ জাবেদ ইছলাম সহ প্ৰায় ২৫ সহস্ৰাধিক লোকে ঐতিহাসিক মিৰজুমালাৰ এই ইদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে। মিৰজুমালাত মানকাচৰৰ ৰাইজে ১০০ বছৰকৈ অধিক সময় ধৰি ঈদৰ সমূহীয়া নামাজ আদায় কৰি আহিছে।  ঈদৰ নামাজ আদায়ৰ পাছত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰি এজনে আনজনক আলিংগন কৰা পৰিলক্ষিত হয়। মানকাচৰৰ এই মিৰজুমালাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰায় দুই শতাধিক ইদগাহত মুছলমান লোক সকলে আজি ঈদৰ নামাজ আদায় কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments