Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত বিদ্যুতৰ লোডশ্বিডিঙত অতিষ্ঠ জনতা

মানকাচৰত বিদ্যুতৰ লোডশ্বিডিঙত অতিষ্ঠ জনতা

মানকাচৰত বিদ্যুতৰ অনিয়মীয়া লোড শ্বিডিঙৰ ফলত অতিষ্ঠ হৈ পৰিছে জনতা। কেতিয়াবা যদি ৩ ঘণ্টাৰ মুৰত বিদ্যুত যোগান দিয়া হয় কেতিয়াবা আকৌ ৪-৫ ঘণ্টালৈ লোড শ্বিডিঙৰ দোহাই দি বিদ্যুত সেৱা কৰ্তন কৰি ৰখা হয়। ইফালে তিনি-চাৰি ঘণ্টা লোড শ্বিডিঙৰ পাচত ১ ঘণ্টাৰ বাবে বিদ্যুত যোগান দিলেও সেই এক ঘণ্টা সময়ত কমেও ৮-১০ বাৰ বিদ্যুত কৰ্তন কৰা হয়। এফালে অনিয়মীয়া লোড শ্বিডিং আনফালে বিদ্যুতৰ লুকাভাকু চলি থকাক সৰ্ব সাধাৰণ লোক বিগত প্ৰায় ২০ দিন ধৰি বিদ্যুতৰ দ্বাৰা কোনো কাম কৰিব পৰা নাই। আনহাতে জিলাখনত এতিয়া ভল্টেজ শুন্য হৈ পৰাৰ ফলত সৰ্ব সাধাৰণ জনতা বিদ্যুতৰ দ্বাৰা মোবাইল ফোন প্ৰযন্ত চাৰ্জ দিব পৰা পৰিলক্ষিত হোৱা নাই। বিদ্যুতৰ এনে সমস্যাক লৈ জিলাখনত একাংশ সংগঠন, সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আগন্তক ১০ এক সপ্তাহৰ ভিতৰত বিদ্যুতৰ লুকা ভাবু আৰু অনিয়মীয়া লোড শ্বিডিং বন্ধ নহলে জিলা আমছুয়ে গণতান্ত্ৰিক ভাবে জিলাজুৰি ভয়াবহ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে। জিলা আমছুৰ এই ভাবুকিক মানকাচৰ বিদ্যুত বিভাগ কিদৰে গুৰুত্ব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments