Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়ইদলৈ মাত্ৰ এদিন বাকী । মানকাচৰৰ বজাৰত ভিৰ

ইদলৈ মাত্ৰ এদিন বাকী । মানকাচৰৰ বজাৰত ভিৰ

ঈদুল ফিতৰৰ ঈদলৈ মাজত মাত্ৰ এটা দিন বাকী। কাইলৈ সন্ধিয়া মাগ্ৰিবৰ নামাজৰ পাচত আকাশত জোন দেখা পালেই শনিবাৰে বিশ্বজুৰি ইছলাম ধৰ্মাবলম্বী লোক সকলে ঈদ উদযাপন কৰিব। ইদৰ বাবে মুছলমান লোক সকলে বজাৰে বজাৰে নতুন কাপোৰ, ছেবৈকে ধৰি বিভিন্ন সামগ্ৰী কিনিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ মানকাচৰ চহৰত এতিয়া নিশা প্ৰায় ১২ বজালৈ গ্ৰাহক সকলে ভীৰ কৰা পৰিলক্ষিত হয়। একেদৰে হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ শিঙিমাৰী বজাৰতো গ্ৰাহক সকলে নিশা ১ বজালৈ কিনাকটাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। ইদৰ বাবে ঐতিহাসিক মিৰজুমলা আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। একেদৰে মেঘালয়ৰ শিঙিমাৰী ইদগাহৰ লগতে শিঙিমাৰী বজাৰখন ৰঙ বিৰঙৰ লাইটেৰে সজাই পৰাই তোলা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments