Saturday, September 7, 2024
Google search engine
গৃহউত্তৰ-পূব৫৬ সংখ্যক চৰণতলা মেলাৰ সামৰণি

৫৬ সংখ্যক চৰণতলা মেলাৰ সামৰণি

তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হোৱা ৫৬ সংখ্যক দেৱী চৰণতলা মেলাৰ আজি সামৰণি পৰে। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হালদিবাৰীৰ বাবেদপাৰাত অনুষ্ঠিত হয় এই চৰণতলা মেলা। এইবাৰ চৰণতলা মেলাত  দেশ বিদেশৰ পৰা প্ৰায় ৫ লক্ষাধিক ভক্তৰ সমাগম হৈছিল। নিজৰ লগতে পৰিয়ালৰ মন কামনা পূৰণৰ বাবে দেবী চৰণতলাৰ ওচৰত মঙলবাৰে নিশা ১২ বজাৰ পৰা পঠা তথা মহ বলি দিয়া হয় । প্ৰতি বছৰে প্ৰায় দুই হেজাৰ পঠা বলি দিা হয় এই চৰণতলা মেলাত। মঙলবাৰে পুৱাৰে পৰা ভক্ত সকলে পাৰ চৰাই, বিভিন্ন বয় বস্তু দেৱীক সন্তষ্ট কৰাৰ বাবে উছৰ্গা দিয়ে। মঙলবাৰে নিশা ১২ বজাৰ পৰা পুৱা ৮ বজালৈ বলি বিধান অনুষ্ঠিত হয়। ইয়াৰ পাচত আজি পুৱা ৮ বজাত মেলাৰ সামৰণি পৰে। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বাংলাদেশ, নেপাল, ভূটানৰ পৰাও ভক্ত সকল আহি উপস্থিত হৈছিল এই চৰণতলা মেলাত। পূজাৰ সমান্তৰাল ভাৱে ইয়াত বিশাল মেলাৰো আয়োজন কৰা হৈছিল। বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ী সকলে ইয়াত দোকান পোহৰ দি ব্যৱসায় কৰা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments