Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়ড্ৰাগছৰ লগত জৰিত ঔষধ কোম্পানীৰ প্ৰবন্ধকক জেললৈ প্ৰেৰণ

ড্ৰাগছৰ লগত জৰিত ঔষধ কোম্পানীৰ প্ৰবন্ধকক জেললৈ প্ৰেৰণ

যোৱা শনিবাৰে নিশা মানকাচৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ আমবাৰীত ড্ৰাগছবিৰোধী অভিযান চলাই থেমিচ মেডিকোচ নামৰ এটা ঔষধ কোম্পানীৰ আঞ্চলিক প্ৰবন্ধকক ৰাজেশ শ্বাহক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা প্ৰবন্ধক জনক মানকাচৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰি চাৰি দিনৰ জিম্মাদ লৈছিল। আজি পুৱাৰ ভাগত পুনৰ প্ৰবন্ধক জনক জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰম কৰে। ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰ থানাত ১৫২/২৩ নম্বৰত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তীত আৰক্ষীয়ে ঔষধ কোম্পানীৰ প্ৰবন্ধক সহ মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ঔষধ কোম্পানীটোয়ে গুৱাহাটীৰ ঔষধ বিতাৰক ৰাকেশ মজুমদাৰৰ দ্বাৰা কোৰিয়াৰ ছাৰ্ভিছযোগে গোৱালপাৰালৈ নিচাযুক্ত টেবলেট আৰু কপ চিৰাফ সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments