Monday, December 2, 2024
Google search engine
গৃহস্থানীয়উৎকট গৰমৰ মাজত মানকাচৰত অনিয়মীয়া বিদ্যুতৰ লোড শ্বিডিং আৰু ল্য ভল্টেজত অতিষ্ঠ...

উৎকট গৰমৰ মাজত মানকাচৰত অনিয়মীয়া বিদ্যুতৰ লোড শ্বিডিং আৰু ল্য ভল্টেজত অতিষ্ঠ জনতা

এফালে উৎকট গৰম, আনফালে নীতি নিয়মহীন ভাবে মানকাচৰ অঞ্চলত অনিয়মীয়া বিদ্যুতৰ লোড শ্বিডিং আৰু ল্য ভল্টেজৰ ফলত অতিষ্ঠ হৈ পৰিছে মানকাচৰৰ জনতা। ২৪ ঘণ্টা বিদ্যুত সেৱা দিয়াৰ প্ৰতিশ্ৰুতি দি চৰকাৰৰ গাদী দখল কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো বিদ্যুত যোগানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে। প্ৰতি বছৰে মাৰ্চ মাহ আহিলে আগষ্ট-ছেপ্টেম্বৰ মাহলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অস্বাভাৱিক ভাবে বিদ্যুতৰ নাটনি হৈ পৰে। মাৰ্চ মাহৰে পৰা প্ৰায় ৬-৭ মাহলৈ মানকাচৰ জিলাবাসীয়ে ২৪ ঘণ্টাত কোনোমতে ২-৩ ঘণ্টাৰ বাবেহে বিদ্যুত যোগান পায়। বিশেষকৈ জিলাৰ সদৰ হাটশিঙিমাৰীৰ শান্তিপুৰ গাওঁ খনত ৰহস্যজনক বাবে বিদ্যুত বিভাগে ২৪ ঘণ্টাৰ ভিতৰত ২-৩ ঘণ্টা বিদ্যুত যোদান দিয়ে যদিও নিম্ন মানৰ ভল্টেজৰ ফলত মোবাইল ফোন প্ৰযন্ত চাৰ্জ কৰিব পৰা অৱস্থা নাথাকে। জিলাখনৰ ভিতৰত শান্তিপুৰ গাঁৱত আটাইতকৈ বেছি সাংবাদিক বসবাস কৰে। প্ৰায় ১০-১২ জন সাংবাদিক বসবাস কৰা শান্তিপুৰ গাঁওখন যোৱা প্ৰায় ৩ বছৰ পূৰ্বে জিলাৰ সদৰ হাটশিঙিমাৰী ফিটাৰৰ অধীনত বিদ্যুত যোগান দিয়া হৈছিল। কিন্তু ৰহস্যজনক ভাবে গাওঁখন হাটশিঙিমাৰীৰ ফিটাৰৰ পৰা কৰ্তন কৰি সুখচৰ অঞ্চলৰ সৈতে সংযোগ কৰি দিয়াত গাওঁখন বৰ্তমান হাহাকাৰত ভূগিছে। সাধাৰণ জনতা মটৰৰ দ্বাৰা ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় পানী উঠোৱাতো দূৰৰে কথা মোবাইল প্ৰযন্ত চাৰ্জ কৰিব পৰা নাই। এনে পৰিস্থিতৰ মাজত সাংবাদিক কেইজনে বিদ্যুতৰ অভাবত দিনৰ বাতৰি দিনত প্ৰেৰণ কৰাতো সমৰ্থন হৈ পৰিছে। একাংশ জনে চুবুৰীয়া ৰাজ্য মেঘালয়ত গৈ নিজৰ মোবাইল, লেপটপ আদি চাৰ্জ কৰি প্ৰয়োজনীয় কাম খিনি কৰিবলগীয়া হৈছে যদিও আন একাংশ জনে পানীৰ অভাবত অন্য লোকৰ ঘৰত দমকল আছেনে নাই বিচাৰি ফুৰিবলগীয়া হৈছে।

    ইফালে কম্পিউটাৰৰ দোকান কৰা ব্যৱসায়ী, ওবেল্ডিংৰ দোকানী, কম্পিউটাৰ প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আদিতো বিদ্যুতৰ অভাবক কাম কৰিব পৰা হোৱা নাই। ফলত ব্যৱসায়ী সকলে দিনক দিনে লোকচানৰ সম্মুখীন হৈ পৰিলগীয়া হৈছে। সাধাৰণ জনতা চৰকাৰী কাৰ্যালয়ত গৈ বিদ্যুতৰ নাটনিৰ বাবে সময়ৰ কামত সময়ত কৰিব পৰা হোৱা নাই।  

লক্ষণীয় যে বৰ্তমানে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বাবে ৰমজান মাহ চলি আছে। ইছলাম ধৰ্মাৱলম্বী লোক সকলে পুৱতি নিশা ফজৰৰ আজানৰ পূৰ্বে চেহেৰী কৰাৰ পাচত সন্ধিয়া মাগ্ৰিবৰ আজান দিয়াৰ লগে লগে ইফতাৰ কৰে। দিনটো অনাহাৰে থাকি ৰজা পালন কৰা ইছলাম ধৰ্মৰ লোক সকল উৎকট গৰমৰ মাজত ১০ মিনিটৰ বাবেও ফেন ব্যৱহাৰ কৰিব পৰা নাই। দিনটো অনাহাৰে থাকি ইফতাৰৰ সময়ত ফ্ৰিজৰ পৰা এটুপি ঠাণ্ডা পানী পালে ইছলাম ধৰ্মৰ লোক সকলে কিছু পৰিমানে সকাহ লাভ কৰে। কিন্তু বিদ্যুতৰ অনিয়মীয়া যোগানৰ ফলত সেয়াও এতিয়া সম্ভব হৈ উঠা নাই।

    জানিব পৰা মতে, লোড শ্বিডিঙৰ বাবে জিলাখনত একাংশ এলেকা ভাগ কৰি লৈ এক ঘণ্টা বিদ্যুত যোগান দিয়াৰ পাচত ২ ঘণ্টা কৰ্তন কৰি ৰাখে। কিন্তু শান্তিপুৰ আৰু সুখচৰ এলেকাৰ ক্ষেত্ৰত পুৱা ৮ বজাৰ পৰা ৯ বজালৈ ল্য ভল্টেজৰ অনিয়মীয়া বিদ্যুত যোগান দি বাকী দিনটো বিদ্যুত কৰ্তন কৰি ৰাখে। সন্ধিয়াৰ ভাগতো কেতিয়াবা বিদ্যুত যোগান দিয়া হয় যদিও ১ ঘণ্টাৰ ভিতৰতে কমেও ১০ বাৰ কৰ্তন কৰা পৰিলক্ষিত হয়। এনে পৰিস্থিতৰ মাজতো বিদ্যুত গ্ৰাহকে অত্যাধিক বিল বিদ্যুত বিভাগক আদায় দিবলগীয়া হৈছে। বিদ্যুত বিভাগৰ কৰ্মচাৰীক প্ৰশ্ন কৰিলে দৰকাৰ নাথাকিল বিদ্যুত কৰ্তন কৰি দিয়া বুলি ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হয়।

    শান্তিপুৰ অঞ্চলৰ সাংবাদিক সকলৰ লগতে স্থানীয় ৰাইজে জিলা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। জিলাৰ সদৰত থকা গাওঁখনৰ প্ৰতি বিদ্যুত বিভাগে গুৰুত্ব প্ৰদান কৰি নিয়মীয়াকৈ বিদ্যুত যোগানৰ দাবী তুলিছে।

    মন কৰিবলগীয়া বিষয় এয়া যে মানকাচৰ বিদ্যুত উপ সংমণ্ডলৰ অধীনত থকা বিদ্যুত বিভাগৰ বিষয়া কৰ্মচাৰী সকলে মানকাচৰ জিলাবাসীক সামান্যতম কেৰেপ নকৰা পৰিলক্ষিত হৈছে। কেতিয়াৰ পৰা কেতিয়ালৈ বিদ্যুত নাথাকিব। কোন গাওঁত কিমান সময়ৰ বাবে লোড শ্বিডিং দিয়া হব ইত্যাদি বিষয়ৰ ওপৰত কোনো ধৰণৰ জাননি নিদিয়াকৈ নিজৰ মৈমাতালীৰে বিদ্যুত কৰ্তন কৰা আৰু বিদ্যুত যোদান দিয়াত পাহৰি থকা পৰিলক্ষিত হৈছে। বিদ্যুত বিভাগৰ এনে অদক্ষ্য বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰায় প্ৰতি বছৰে দল সংগঠন প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰ তথা অসম চৰকাৰৰ বিদ্যুত বিভাগ মানকাচৰৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments