এইচ পি এলৰ তৃতীয় কোৱাৰ্টাৰত ডমিনেটৰ্চৰ জয়

0
40

হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ তৃতীয় কোৱাৰ্টাৰা ফাইনেল আজি হাটশিঙিমাৰী এম্বুলেঞ্চ নাইন ষ্টাৰ আৰু ডমিনেটৰ্চৰ এফ চি দলৰ মাজত অনুষ্ঠিত হৈ আছে । খেলখনত এম্বুলেঞ্চ নাইন ষ্টাৰ দল টচত জয়ী হৈ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৭৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। খেলখনত ডমিনেটৰ এফ চি দল জয়ী হৈছে। আনহাতে কাইলৈ টুৰ্ণামেণ্টৰ অন্তিম কোৱাৰ্টাৰ ফাইনেল হাটশিঙিমাৰীৰ BJYM আৰু শ্বেহনাজ ট্ৰফী ফাইটাৰ্চ ভূৰাকাটা দলৰ মাজত অনুষ্ঠিত হব। এতিয়ালৈ টুৰ্নামেণ্ট খনত জ্ঞান বিকাশ একাডেমী আৰু দাফাদাৰপাৰা আৰু ডমিনেটৰ এফ চি দল ছেমি ফাইনেলত প্ৰবেশ কৰিছে।