Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত পুখুৰীত গা ধূবলৈ গৈ ১৩ বছৰীয়া কিশোৰীৰ সলিল সমাধি

মানকাচৰত পুখুৰীত গা ধূবলৈ গৈ ১৩ বছৰীয়া কিশোৰীৰ সলিল সমাধি

মানকাচৰ থানা এলেকাৰ অধীনস্থ জোৰডাঙাৰ টোকৰাইপাৰাত কালি দূপৰীয়া এটি ১৩ বছৰীয়া কিশোৰী পুখুৰীত গা ধূবলৈ গৈ সলিল সমাধি হয়। গাওঁখনৰ জিতু মিয়াৰ জীয়েক জিয়াৰা খাতুন বুলি চিনাক্ত কৰা হৈছে। জিয়াৰা খাতুনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। আজি মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটি পৰিয়ালক গতাই দিয়া হৈছে। কিশোৰী গৰাকীৰ এইদৰে অকাল মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments