কাক ক’ম, কোনে পতিয়াব!

0
103

এখন অভিশপ্ত নতুন জিলা। দক্ষিণ শালমাৰা মানকাচৰ। দক্ষিণ শালমাৰা মানকাচৰ অঞ্চলৰ ৰাইজক অফিচিয়েল কাম-কাজৰ বাবে ৪/৫ ঘণ্টাৰ ভয়াবহ তথা কষ্টকৰ ফেৰী যাত্ৰাৰ পৰা সকাহ দি তদানীন্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈদেৱে ২০১৬ চনত এই জিলাখন ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ এটা অংশ কাটি গঠন কৰিছিল। উদ্দেশ্য আছিল এই অনুন্নত অঞ্চলখনৰ মানুহক উন্নত প্ৰশাসনব্যৱস্থাৰ সুবিধা দিয়া আৰু এই অঞ্চলখনক শিক্ষা, স্বাস্থ্য, বিজুলী, পানী, ৰাস্তা-ঘাট সকলো দিশতে উন্নত কৰি ইয়াৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি তোলা। হয়, জিলা গঠনৰ পাছত আজি ইয়াৰ।মানুহে ধুবুৰীলৈ নোযোৱাকৈ বহুতো অফিচিয়েল কাম-কাজ নতুন জিলাখনৰ সদৰ হাটশিঙিমাৰীতে কৰিব পৰা হৈছে যদিও, এতিয়াও কিছুমান কামৰ বাবে আগৰ ধুবুৰীলৈ যাব লগা হয়। পিছে অপ্ৰিয় হ’লেও সত্য যে জিলা গঠনৰ আগত দক্ষিণ শালমাৰা মানকাচৰ এখন মহকুমা থাকোঁতে ইয়াৰ ৰাস্তা-ঘাট, চিকিৎসা সেৱা, বিজুলী, পানীৰ যি সুবিধা আছিল, এতিয়া ইয়াৰ মানদণ্ড তাতকৈ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে।

       কিয়নো এই জিলাখনৰ ঘাইপথ বুলিবলৈ মহকুমা থকা সময়ৰে পৰা হাটশিঙিমাৰী বটতলীৰ পৰা মানকাচৰলৈ মাত্ৰ ২২ কিলমিটাৰ দৈৰ্ঘৰ পথছোৱাৰ কথাই ক’ব লাগিব। এই পথছোৱা মহকুমা থাকোঁতে ইমান বেয়া কাহানিও নাছিল। এতিয়া ইয়াৰ অৱস্থা গো-পথৰ সমতুল্য হৈছে। এতিয়া ঘাইপথছোৱা এজাক বৰষুণতে বোকাময় আৰু একাঁজলি ৰ’দতে ধূলিময় হৈ পৰে। সম্প্ৰতি এই ৰাস্তাটোৰে মানুহ অহা-যোৱা কৰাটো দুৰূহ হৈ পৰিছে। আনকি সদৰ হাটশিঙিমাৰীতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ওলাব নোৱাৰি ধূলিৰ বাবে। মানুহৰ কিযে নৰকযন্ত্ৰণা হৈছে! ভাঙি-চিঙি যোৱা ওখৰা-মোখৰা ৰাস্তাৰে সহস্ৰ গাড়ী-ঘোঁৰা চলাচলৰ ফলত চৌদিশে ধূলিময় এক নৰককুণ্ডত পৰিণত।হৈছে।এফালে উৎকট গৰম আৰু আনফালে ধূলিৰ ধুমুহা। তাৰ মাজত দোদুল্যমান জনজীৱন। অথচ গুৰুত্বপূৰ্ণ এই পথছোৱা মেৰামতি বা নতুনকৈ পকী কৰাৰ কোনো লক্ষণেই দেখা নাই। আনহাতে মহকুমা থাকোঁতে সুখচৰৰ পৰা খোপাতি-হাজিৰহাট-বামনীৰপাৰ-পাটাকাটাহৈ দক্ষিণ শালমাৰা লৈ আন এটা ঘাইপথ নহ’লেও বিকল্প পথ আছিল। এতিয়া গৰাখহনীয়াৰ ফলত ভাঙি-চিঙি খোপাতিৰ পৰা পাটাকাটা পৰ্যন্ত যোগাযোগ বিচ্ছিন্ন হৈ আছে। না গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা আছে, না পুনৰ ভাঙি যোৱা ৰাস্তা নিৰ্মাণৰ পৰিকল্পনা আছে ! মেঘালয়ৰ হেলিডেগঞ্জৰ পৰা ৰাজাবালা-ফুলবাৰীহৈ যোৱাৰ বাহিৰে জিলাখনৰ অবিচ্ছেদ্য অংগ দক্ষিণ শালমাৰা-ঢেনাৰকুটিলৈ কিম্বা আন জিলালৈ যোৱাৰ কোনো উপায় নাই। অৱশ্যে আমি নতুন জিলা পাইছোঁ বুলি গৌৰৱান্বিত!!

        জনজীৱনৰ মানদণ্ড উন্নত কৰাৰ  ক্ষেত্ৰত আজিৰ ডাজিটেল যুগত এটি গুৰুত্বপূৰ্ণ সেৱা হৈছে বিজুলী। মহকুমা থাকোঁতে এই অঞ্চলৰ বিজুলী সেৱাৰ যি পঁয়ালগা অৱস্থা আছিল, এতিয়াও তাৰ অকনো পৰিৱৰ্তন হোৱা নাই। ২৪ ঘণ্টাত ৩/৪ ঘণ্টা বিজুলীও ৰাইজে ঠিকমতে  পোৱা নাই। উৎকট গৰমত কণ কণ শিশুবোৰ চট্‌ফটাইছে, বয়সস্থসকলে কক্‌বকাইছে!! বিজুলীৰ উমঘামেই নাই। যিকন সময় থাকে ভল্টেজ ৫০/৬০ কিম্বা খুব বেছি ১০০। যি বিজুলীৰ এটা ৭ ৱাট LED বাল্ব জ্বলোৱাৰ ক্ষমতা নাই, সেই বিজুলীয়ে এশ ৱাটৰ ফেন ঘূৰাব কেনেকৈ ? বাকী ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা, ক্লাছ কৰা, অফিচ-কাছাৰী, শিক্ষানুষ্ঠান, তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ডিজিটেল কাম-কাজ সকলো স্তব্ধ! অথচ বিয়াগোম APDCL কুম্ভকৰ্ণ নিদ্ৰাত বিভোল!

      এতিয়া আহোঁ স্বাস্থ্যসেৱাৰ বিষয় লৈ। জিলাখনৰ মহকুমা আসামৰিক যিখন চিকিৎসালয় আছিল, তাৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ল। আজিলৈ জিলা অসামৰিক চিকিৎসালয়লৈ উন্নীত নহ’ল। বিশেষজ্ঞ চিকিৎসক অৱিহনেই কেলঢেপ কেলঢেপকৈ চলিছে জিলাখনৰ স্বাস্থ্যসেৱা। য’ত উন্নত মানৰ প্ৰসৱৰ ব্যৱস্থা নাই! অলপ জটিল অৱস্থা হ’লেই ধুবুৰী-গোৱালপাৰা-গুৱাহাটীলৈ বেমাৰী নিয়াৰ বাহিৰে গত্যন্তৰ নাই। ধুবুৰীলৈ নিলে ফেৰীত ৫ ঘণ্টা, গোৱালপাৰালৈ নিলে মেঘালয়ৰ জৰাজীৰ্ণ ৰাস্তাৰে ৫ ঘণ্টা কিম্বা গুৱাহাটীলৈ নিব লগা হ’লে ৭/৮ ঘণ্টা লাগে। এই সময়ৰ ভিতৰত ৰুগীৰ অৱস্থা কি হ’ব পাৰে এবাৰ ভাৱক! জিলা গঠন হ’ল যদিও চিকিৎসা সেৱাৰ কোনো পৰিবৰ্তন নহ’ল!

       পানীৰ আন এটা নাম জীৱন। মহকুমা থাকোঁতে ইয়াৰ জনতাই বহু ঠাইত বিশুদ্ধ খোৱাপানী নিৰ্দিষ্ট সময়ত লাভ কৰিছিল। খেতিৰ বাবেও জলসিঞ্চনৰ ব্যৱস্থা আছিল। এতিয়া মানুহৰে খোৱাপানীৰ ব্যৱস্থা নাই। খেতিৰ কথা তথেবচ! পিছে আমি নতুন জিলাৰ উন্নত নাগৰিক! অৱশ্যে চৰকাৰে নতুনকৈ আৰম্ভ কৰা জলজীৱন আাঁচনি সঁচা অৰ্থত কাৰ্যকৰী হ’লে ৰাইজে নিশ্চয় বিশুদ্ধ খোৱাপানী লাভ কৰিব।

     আন বহু সমস্যা আছে যদিও, য’ত মৌলিক সমস্যাৰেই সমাধাৰ পথ অৱৰুদ্ধ, তাত অন্যান্য সমস্যাবোৰৰ কথা যেনিবা বাদেই দিলোঁ। মই যে প্ৰথমেই অভিশপ্ত জিলা বুলি উল্লেখ কৰিছিলোঁ, কাৰণ এইবোৰেই। নহ’লে একেখন অসমৰ আন জিলাত ৰাস্তা-ঘাট, বিজুলী, চিকিৎসা, খোৱাপানী— সকলো উন্নত। আমাৰ জিলাত দূৰৈৰ সপোন। আন জিলাত নতুন নতুন মেডিকেল কলেজ, অভিযান্ত্ৰিক কলেজ, বিশ্ববিদ্যালয়, উন্নত মানৰ চকিৎসালয় হ’ব পাৰে, আমাৰ জিলাত কিয় নহয়?? এই জিলাখন অভিশপ্ত নে জিলাখনৰ মানুহ অভিশপ্ত ??? নে জিলাখনৰ স্বনামধন্য জনপ্ৰতিনিধিসকল অভিশপ্ত ??? কাৰ দোষৰ বাবে, কাৰদভুলৰ বাবে কিম্বা কাৰ দুৰ্বল নিতৃত্বৰ বাবে ইয়াৰ জনতা জনাৰ্দন কাল অমানিশাৰ চক্ৰবেহুত আৱদ্ধ ??? কথাৰ সিন্ধু মথি অমৃত শুহি খোৱা জনপ্ৰতিনিধিসকল ৰাইজৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত নিমাত কিয় ? নিৰ্বাচনী বতৰত আৱতৰীয় কুলিৰ দৰে আৱিৰ্ভাৱ  হৈ প্ৰতিশ্ৰুতিৰ ফুলজাৰী মৰা আমদানিকৃত বিয়াগোম নেতাবোৰ আজি উৎকট গৰমত ক’ত আছে ? গৰাখহনীয়াই জিলাখনৰেই চিনচাব নোহোৱা কৰিলে, ৰাস্তা-ঘাট জৰাজীৰ্ণ, চিকিৎসালয় সেৱাশূণ্য, জনতা কিংকৰ্তব্যবিমূঢ় — পিছে জনগণমনঅধিনায়কসকলৰ উমঘামেই নাই। আমাৰ বিধায়ক আৰু সাংসদে চকাৰক কিয় সৈমান কৰাব নোৱাৰে ৰাইজক মৌলিক সুবিধা প্ৰদান কৰিবলৈ। আমি জিলা লৈয়ে সন্তুষ্ট হৈ থাকিম নে আমাক ন্যুনতম সুবিধা প্ৰদান কৰিব লাগিব !!

      অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱক কৰযোৰে অনুৰোধ কৰিছোঁ—দক্ষিণ শালমাৰা মানকাচৰ নামৰ এই সৰু জিলাখনৰ মানুহক আজিৰ ডিজিটেল পৃথিৱীত মানুহ হিচাপে জীয়াই থকাৰ বাবে মৌলিক সুবিধাসমূহ প্ৰদান কৰক তথা ইয়াৰ বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মক দেশৰ মানৱসম্পদ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত ন্যুনতম সুবিধাখিনি প্ৰদানৰ ব্যৱস্থা কৰক।

-ড০ মজিবৰ ৰহমান,

আমবাৰী, দক্ষিণ শালমাৰা

@৯৯৫৪০৩৫৯১০