Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়ক্ৰিকেট খেলিবলৈ গৈ দুই ভাই-ককাইৰ মৃ্ত্যু

ক্ৰিকেট খেলিবলৈ গৈ দুই ভাই-ককাইৰ মৃ্ত্যু

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালাইৰ আলগাত আজি ক্ৰিকেট খেলবলৈ গৈ দুই ভাই-ককাই ব্ৰহ্মপুত্ৰত পৰি নিখোজ হোৱাৰ পাচত দুয়ো মৃত্য মুখত পৰে। দুয়ো হাটশিঙিমাৰীৰ জাকিৰ হোছেইনৰ পুত্ৰ তথা হাটশিঙিমাৰী ৰেইনবো ইংলিচ একাডেমীৰ ছাত্ৰ আছিল। জেষ্ঠ ভাতৃ দিলোৱাৰ হুছেইন শেহতীয়াকৈ অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আনহাতে কনিষ্ঠ ভাতৃৰ নাম গোলাম মোস্তাফা বুলি জনা গৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত ক্ৰিকেট খেলি থকা অৱস্থাত বল পানীত পৰাত কনিষ্ঠ ভাতৃ গোলাম মোস্তাফা বলটো পানীৰ পৰা উঠাবলৈ গৈ ব্ৰহ্মপুত্ৰৰ মাজত নিখোজ হৈ পৰে। লগে লগে জেষ্ঠ ভাতৃ দিলোৱৰ হুছেইন তেওঁক উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰত নামে যদিও তেওঁও নিখোজ হৈ পৰে। আজি দিনৰ প্ৰায় ৪ বজাত মৃতদেহ দুটা উদ্ধাৰ কৰা হৈছে। বৰ্তমান মৃতদেহ দুটা হাটশিঙিমাৰী অসামৰিক চিকিতসালয়ত ৰখা হৈছে। কাইলৈ পুৱাৰ ভাগত মৰনোত্তৰ পৰক্ষীৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰা হব বুলি জনা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments