Tuesday, September 17, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলত বিধায়ক একাদশ আৰু উকীল সন্থা একাদশৰ প্ৰীতি ক্ৰিকেট

এইচ পি এলত বিধায়ক একাদশ আৰু উকীল সন্থা একাদশৰ প্ৰীতি ক্ৰিকেট

হাটশিঙিমাৰীত চলি থকা এইচ পি এল ক্ৰিকেট টুৰ্ণামেণ্টৰ মাজতে কালি বিধায়ক ইলেভেন আৰু উকীল সন্থা ইলেভেনৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। এই প্ৰীতি ক্ৰিকেট খেলখনত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম অধিনায়ক হিচাপে অংশগ্ৰহন কৰাৰ লগতে উকীল সন্থাৰ অধিনায়ক হিচাপে অধিবক্তা ৰেজাউল কৰিম প্ৰতিযোগিতাত অংশগ্ৰহন কৰে। ১৫ অভাৰৰ খেলখনত উকীল সন্থাই ১৩৭ ৰান সংগ্ৰহ কৰে যদিও বিধায়কৰ দলে ১৪ অভাৰ ৩ বলত ৫ উইকেটৰ বিনিময়ত জয়ী হয়। আজি বিধায়ক ইলেভেন আৰু এইচ. পি এল ইলেভেনৰ মাজত দ্বিতীয় প্ৰীতি খেল অনুষ্ঠিত কৰা হব। আজিও বিধায়ক আমিনুল ইছলাম নিজৰ দলৰ হৈ নেতৃত্ব আগবঢ়াব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments