Wednesday, July 24, 2024
Google search engine
গৃহসাহিত্যআইৰকাটা সাহিত্য সভাই ৬ জেষ্ঠ্য নাগৰিকক প্ৰদান কৰিলে পহিলা বহাগৰ ওলগণি পত্ৰ

আইৰকাটা সাহিত্য সভাই ৬ জেষ্ঠ্য নাগৰিকক প্ৰদান কৰিলে পহিলা বহাগৰ ওলগণি পত্ৰ

আজি পহিলা বহাগ। পহিলা বহাগৰ প্ৰথম পুৱাৰ প্ৰথম কিৰণ অসম সাহিত্য সভাৰ নিজৰ দিন। অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে আজি ৰাজ্যজুৰি জেষ্ঠ্য নাগৰিক সকলক পহিলা বহাগৰ ওলগণি পত্ৰ প্ৰদান কৰে। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে আইৰকাটা অঞ্চলত আজি সাহিত্য সভাই ৬ গৰাকী সন্মানীয় জেষ্ঠ নাগৰিকক ঘৰে ঘৰে গৈ পহিলা বহাগৰ ওলগণি পত্ৰ প্ৰদান কৰি ৰঙালী বিহুৰ সশ্ৰদ্ধ ওলগ যাচে এই ওলগনি পত্ৰ প্ৰদানত আইৰকাটা আঞ্চলিক সাহিত্য সভাৰ সভাপতি মিৰ আব্দুল আউৱাল আৰু সম্পাদক মতিয়ৰ ৰহমান উপস্থিত থাকে। সাহিত্য সভাই আইৰকাটা এলেকাত পহিলা বহাগৰ ওলগনি পত্ৰ প্ৰদান কৰা জেষ্ঠ্য নাগৰিক কেইজন হৈছে- ১২৮৫ নং বোচাইমাৰী এল পি স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহাম্মদ আলী, আইৰকাটা এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মোঃ নুৰুল ইছলাম মিঞা, মৈৰাকুচি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আয়নাল হক মিঞা, ১৭৪০ নং কুশবাৰী এল পি স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুছ শুকুৰ আলী মোল্লা, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত টিকট মাষ্টাৰ আগজৰ আলী সৰকাৰ আৰু সমাজ সেৱক মহৰ উদ্দীন মোল্লা।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments