হাটশিঙিমাৰীত ৰাইজে আটক কৰিলে চোৰ, গতাই দিলে আৰক্ষীক

0
48

হাটশিঙিমাৰীৰ ইছলামপুৰত আজি ৰাইজে এটা চোৰ কৰায়ত্ব কৰি খাৰুৱাবান্ধা আৰক্ষীক গতাই দিছে। ধৃত চোৰটোৰ নামত গালিব ইছলাম। চোৰটো আজি পুৱা প্ৰায় ৫.৩০ বজাত ইছলামপুৰ গাঁৱৰ ছাহজাহান সেখ নামৰ চুপাৰি ব্যৱসায়ী জনৰ ঘৰৰ পৰা চিকি চুপাৰি চুৰি কৰি লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজে চোৰটোক কৰায়ত্ব কৰি খাৰুৱাবান্ধা আৰক্ষীক গতাই দিয়া বুলি জনা গৈছে । জিলাৰ সদৰ হাটশিঙিমাৰী এলেকাত দীৰ্ঘ দিনৰ পৰা চোৰে সাধাৰণ জনতা, ব্যৱসায়ী তথা চাকৰিয়াল পৰিয়ালৰ ঘৰত চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে । কিন্তু তাতপৰ্যপূৰ্ণ ভাবে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতে থকা খাৰুৱাবান্ধা আৰক্ষীৰ আৰক্ষীয়ে চোৰৰ উপদ্ৰব নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। মাজে মাজে খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাত এইদৰে একাংশ লোক, ব্যৱসায়ী তথা চাকৰিয়ালৰ ঘৰত দিন-দুপৰতে চুৰি হয় যদিও খাৰুৱাবান্ধা আৰক্ষীৰ ভূমিকাক লৈ জিলা আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে।