Thursday, November 21, 2024
Google search engine
গৃহস্থানীয়বিদ্যুতৰ লোড শ্বিডিং আৰু ল্য ভল্টেজ, অতিষ্ঠ জনতা । চাৰ্জ নহয় মোবাইল,...

বিদ্যুতৰ লোড শ্বিডিং আৰু ল্য ভল্টেজ, অতিষ্ঠ জনতা । চাৰ্জ নহয় মোবাইল, সময়ৰ বাতৰি সময়ত পঠাব পৰা নাই সাংবাদিকে

এফালে উতকট গৰম, আনফালে বিদ্যুতৰ অভাৱনীয় লোট শ্বিডিং , তাৰ মাজতে বিদ্যুত যোগান দিয়া সময়খিনিত পৰ্যাপ্ত ভল্টেজ নথকাত হাটশিঙিমাৰী জিলাবাসী হাহাকাৰত ভূগিবলগীয়া হৈছে । মানকাচৰ বিদ্যুত উপ সংমণ্ডলৰ একাংশ অকমৰ্ণ বিষয়া-কৰ্মচাৰীৰ বাবে প্ৰতি বছৰে মাৰ্চ মাহৰ পৰা আগষ্ট মাহলৈ জিলাবাসীয়ে পৰ্যাপ্ত ভল্টেজ নোপোৱাৰ উপৰিও নিয়মীয়াকৈ বিদ্যুত যোগান নাপায়। জিলাৰ সদৰৰ নিচেই কাষত থকা শান্তিপুৰ গাঁৱত এতিয়া প্ৰতিদিনে ২৪ ঘণ্টাৰ ভিতৰত লোড শ্বিডিঙৰ দোহাই দি মাত্ৰ ৩-৪ ঘণ্টা বিদ্যুত যোগান দিয়ে যদিও একেবাৰে ল্য ভল্টেজৰ ফলত গাওঁখনৰ সাধাৰণ লোকে বিদ্যুতৰ দ্বাৰা মোবাইল ফোন প্ৰৰ্যন্ত চাৰ্জ কৰিব নোৱাৰা পৰিলক্ষিত হৈছে। বিগত প্ৰায় তিনি বছৰ পূৰ্বে শান্তিপুৰ গাওঁখন হাটশিঙিমাৰী ফিটাৰৰ অধীনত আছিল যদিও সদৰৰ এই গাওঁখনক ৰহস্যজনক ভাবে বিদ্যুত বিভাগে সুখচৰ ফিটাৰৰ লগত সংযোগ কৰি দিয়াত বৰ্তমানে গাওঁখনৰ ৰাইজে মাত্ৰ ৩-৪ ঘণ্টা বিদ্যুত যোগান পোৱা পৰিলক্ষিত হৈছে। গাওঁখনত ৭-৮ জন সাংবাদিক বসবাস কৰে। সাংবাদিক সকলে দিনৰ বাতৰি দিনত পঠোৱাৰ ক্ষেত্ৰতো চৰম অসুবিধাৰ সম্মুখীন হবলগীয়া গৈছে। গাওঁখনক হাটশিঙিমাৰী ফিটাৰৰ লগত সংযোগ কৰাৰ বাবে সাংবাদিক সকলে জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে। জিলা প্ৰশাসনে বিষয়টোৰ প্ৰতি কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments