Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়ড্ৰাগছ ব্যৱসায়ৰ মুখ্যদ্বাৰ হৈ পৰিছে বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ

ড্ৰাগছ ব্যৱসায়ৰ মুখ্যদ্বাৰ হৈ পৰিছে বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ পাচত ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই কোটি কোটি টকাৰ অবৈধ ড্ৰাগছ জব্দ কৰাৰ লগতে কেবাজনো ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰা হৈছে। একদৰে ড্ৰাগছ বিৰোধী অভিযানত কেবাগৰাকী ড্ৰাগছ মাফিয়া আৰক্ষীৰ এনকাউণ্টাৰত নিহতও হৈছে।

ফলত ৰাজ্যজুৰি ড্ৰাগছ মাফিয়া সকলৰ মাজত আতংকৰ সৃষ্টি হৈ ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কিছুদিনৰ বাবে স্থগিত প্ৰায় হৈছিল যদিও বৰ্তমানে পুনৰ ড্ৰাগছ মাফিয়াই ড্ৰাগছৰ ৰমৰমীয়া কাৰবাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজ্যৰ ভিতৰত বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী মানকাচৰ ড্ৰাগছ মাফিয়াৰ বাবে মূল কৰিডোৰ হৈ পৰাৰ অভিযোগ অঞ্চলটোৰ একাংশ সচেতন ৰাইজৰ।

বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে এক সংবাদমেলৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে বিস্ফোৰক তথ্য দাঙি ধৰে। আহমেদে জানিবলৈ দিয়া মতে, যোৱা ২৭ মাৰ্চৰ পুৱতি নিশা প্ৰায় ২.০০ বজাত এ এছ ১৭ চি ৮৩৪১ নম্বৰৰ মহিন্দ্ৰা বাহন মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত আৰক্ষীয়ে প্ৰত্যক্ষ কৰে।

বাহনখন টহলধাৰী আৰক্ষীয়ে বাহনখনৰ অনুসৰণ কৰে যদিও বাহনখন পলায়ন কৰে। মানকাচাৰ থানাৰ এলেকাৰ অধীনস্থ মুস্তাফিজুৰ ৰহমান আৰু সঞ্জীব বৰ্মন নামৰ দুজন লোকক উক্ত সন্দেহযুক্ত বাহন খনৰ পৰা নিষিদ্ধ ড্ৰাগছ যোগান দি বাহনখন পলায়ন কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰে।

উক্ত তথ্যৰ আধাৰত মানকাচৰ থানাৰ আৰক্ষীয়ে যোৱা ২৯ মাৰ্চত কুচনিমাৰা বজাৰৰ পৰা AS01EQ8167 নম্বৰৰ মহিন্দ্ৰা বলেৰ’ বাহনখন জব্দ কৰি বাহনখনৰ পৰা ২৮৮ টা এছ পি নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰি বাহনখন জব্দ কৰে। ঘটনাক লৈ মানকাচৰ আৰক্ষীয়ে নিজাববীয়াকৈ মানকাচৰ থানাত ১৫২/২৩ নম্বৰত এখন গোচৰ পঞ্জীয়ন কৰে।

উক্ত গোচৰৰ ভিত্তিত মানকাচৰ হাটশিঙিমাৰী আৰক্ষী জিলা আৰক্ষীৰ সহযোগত মোস্তাফিজুৰ ৰহমান নামৰ লোকজনৰ নামত থকা বাহনখনৰ পৰা আৰক্ষীয়ে নিচাযুক্ত টেবলেটখিনি জব্দ কৰিছে। ঘটনাৰ পাচতেই মোস্তাফিজুৰ ৰহমান পলায়ন কৰিছে বুলি জানিবলৈ দিয়ে।

জানিবলৈ দিয়া মতে মোস্তাফিজুৰ ৰহমান জিলা দূৰ্নীতি নিবাৰক সন্থা চমুকৈ চিচিঅৰ সদস্য । আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই পলায়ন কৰা এ এছ ১৭ চি ৮৩৪১ নম্বৰৰ মহেন্দ্ৰ বাহনখনৰ চালকজনক ধুবুৰীৰ ৰায়গঞ্জৰ পৰা যোৱা ৭ এপ্ৰিলত গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা চালকজন মোবাৰক হুছেইন। মোবাৰক হোছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গোৱালপাৰাত অভিযান চলায়। গোৱালপাৰাত আৰক্ষীয়ে অৰিন্দম কোৰিয়াৰ সেৱাৰ গৰাকী ত্ৰিদীপ গোস্বামীক গ্ৰেপ্তাৰ কৰে।

অৰিন্দম কোৰিয়াৰে দীৰ্ঘ দিনৰ পৰা এটা ৰৌশন ড্ৰাগ ডিষ্ট্ৰিবিউটৰ নামৰ ভূৱা ফাৰ্মৰ নামত নিষিদ্ধ ড্ৰাগছ গ্ৰহন কৰি আহিছিল। ইয়াৰ পৰৱৰ্তী সময়ত যোৱা ১১ এপ্ৰিলত জিলা আৰক্ষী গুৱাহাটীৰ আদাবাৰীত অভিযান চলাই ৰাকেশ মজুমদাৰ নামৰ ড্ৰাগ বিতাৰকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নাম আৰু ঠিকনা নথকা ৰৌশন ড্ৰাগ ডিষ্ট্ৰিবিউটৰৰ নামত ৰাকেশ মজুমদাৰ নিষিদ্ধ ড্ৰাগছ কোৰিয়াৰযোগে প্ৰেৰণ কৰি আহিছিল।

আৰক্ষীয়ে ঘটনাৰ তদন্ত চলোৱাত আৰু ৫ গৰাকী ড্ৰাগছ মাফিয়াৰ নাম পোহৰলৈ আহিছে। আৰক্ষীয়ে শীৰ্ঘে ড্ৰাগছ মাফিয়া কেইজনক গ্ৰেপ্তাৰ কৰিব বুলি জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে এক সংবাদমেলৰ আয়োজন কৰি জানিবলৈ দিয়ে।

জিলা আৰক্ষীয়ে জানিবলৈ দিয়া মতে গুৱাহাটীৰ পৰা ঔষধ বিতাৰকে কোৰিয়াৰযোগে গোৱালপাৰাৰ ভূৱা ড্ৰাগছ ডিষ্ট্ৰিবিউটৰৰ নামত ড্ৰাগছ পঠোৱাৰ পাচত ধুবুৰীৰ ড্ৰাগছ মাফিয়াই মানকাচৰলৈ আনে। ইয়াৰ পাচত মানকাচৰৰ ড্ৰাগছ মাফিয়াই সৰবৰাহকাৰীৰ সহযোগত মানকাচৰৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু বাংলাদেশলৈ সৰবৰাহ কৰে।

ইফালে ঘটনাক লৈ বুধবাৰে নিশা প্ৰায় ১১ বজাত মানকাচৰ আৰক্ষীয়ে মানকাচৰৰ ২ নং পূবেৰ গাওঁত অভিযান চলায়। নুৰ আলম নামৰ ড্ৰাগছ মাফিয়া জনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ৩ হেজাৰ টা এছ.পি.এছ.ফেন নিচাযুক্ত কেপচুল, নিট্ৰেচেল নামৰ ১০ টা টেবলেট, কে.ও.এফ. টি. নামৰ ১০০ বটল কফ চিৰাপ আৰু ওনেক্স নামৰ ৪০ বটল কফ ছিৰাপ উদ্ধাৰ কৰি জব্দ কৰে।

আৰক্ষীৰ অভিযানৰ উমান পাই নুৰ আলম ঘৰৰ পৰা পলায়ন কৰে যদিও তেওঁৰ পুত্ৰ মেহতাব আলমক আৰক্ষীয়ে কৰায়ত্ব কৰি আজি আদালতত হাজিৰ কৰে। আদালতে মেহতাবক জেললৈ প্ৰেৰণ কৰে। মেহতাব পিতৃ নুৰ আলমৰ সৈতে একেলগে ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল বুলি জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জনে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments