Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত নাও দূৰ্ঘটনা

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত নাও দূৰ্ঘটনা

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ কামত ব্যৱহাৰ হোৱা এটা যন্ত্ৰ চালিত নাও আজি দূৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰহ্মপুত্ৰত ডুব যায়। চৰ এখনৰ মাজৰ পৰা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জলৈ বালি কঢ়িয়াই অনা অৱস্থাত নাওখন বৰলুইতৰ বুকুত ডুব গৈছিল। আজি পুৱা প্ৰায় ৭ বজাত এই নাও দূৰ্ঘটনা সংঘটিত হৈছে। অভিযোগ মতে অভাৰলোড বালি কঢ়িয়াই অনাৰ ফলত নাওখন দূৰ্ঘটনাগ্ৰস্থ হয় যদিও এই দূৰ্ঘটনাৰ কোনো ক্ষয় ক্ষতি হোৱা নাই। প্ৰায় ৫-৬ ঘণ্টা উদ্ধাৰ অভিযান চলাই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা নাওখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত খহনীয়াৰ প্ৰতিৰোধৰ কাম চলি আছে। খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ বেগত ব্যৱহাৰ কৰা বালি কঢ়িয়াই আনিছিল নাওখনে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments