Monday, September 16, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ এজন

মানকাচৰত নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ এজন

মানকাচৰ আৰক্ষী বুধবাৰে নিশা প্ৰায় ১১ বজাত পুবেৰ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নুৰ আলম নামৰ ড্ৰাগছ মাফিয়াৰ ঘৰৰ পৰা প্ৰায় ১০ লক্ষাধিক টকাৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাফ জব্দ কৰি এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই ড্ৰাগছ মাফিয়া নুৰ আলম ঘৰখনৰ পৰা পূৰ্বেই পলায়ন কৰে যদিও ড্ৰাগছ ব্যৱসায়ত সহযোগ কৰি অহা নুৰ আলমৰ পুত্ৰ মেহেতাব আলমক আৰক্ষীয়ে কৰায়ত্ব কৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি জিলা আদালতত হাজিৰ কৰে । দীৰ্ঘ দিনৰ পৰা নুৰ আলম মানকাচৰত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে । বাংলাদেশলৈও নুৰ আলমে ড্ৰাগছ সৰবৰাহ কৰি আন্তৰাষ্ট্ৰীয় বজাৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments