Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়ড্ৰাগছৰ বিৰুদ্ধে হাটশিঙিমাৰী জিলা আৰক্ষীৰ সংবাদমেল

ড্ৰাগছৰ বিৰুদ্ধে হাটশিঙিমাৰী জিলা আৰক্ষীৰ সংবাদমেল

ড্ৰাগছ ব্যৱসায়ৰ মুখ্যদ্বাৰ হৈ পৰিছে বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ। ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰ থানাত ১৫২/২৩ নম্বৰত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তীত মানকাচৰ আৰক্ষীয়ে জিলা আৰক্ষীৰ সহযোগত এটা মহিন্দ্ৰা বলেৰো বাহন, বৃহত পৰিমানৰ নিচাযুক্ত দ্ৰব্যসহ  চাৰিটা জনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ২৭ মাৰ্চত এএছ ১৭ চি ৮৩৪১ নম্বৰৰ মহিন্দ্ৰা বাহন এখনেৰে ড্ৰাগছ সৰবৰাহকাৰীৰ দল এটা মানকাচৰ মোস্তাফিজুৰ ৰহমান আৰু সঞ্জীব বৰ্মনক ড্ৰাগছ যোগান দি পলায়ন কৰে। আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তীত ২৯ মাৰ্চত অভিযান চলাই মোস্তাফিজুৰ ৰহমানৰ এএছ ০১ ই কিউ ৮১৬৭ নম্বৰৰ বলেৰো বাহনখনৰ পৰা নিচাযুক্ত টেবলেচট জব্দ কৰাৰ লগতে বাহন খন জব্দ কৰিছে। ঘটনাৰ লগত জৰিত ধুবুৰীৰ মহিন্দ্ৰা চালক মোবাৰক হুছেইনক ৭ এপ্ৰিলত গ্ৰেপ্তাৰ কৰাৰ লগতে গোৱালপাৰাৰ পৰা অৰিন্দম কোৰিয়াৰ ছাৰ্ভিচৰ গৰাকী ত্ৰিদীপ গোস্বামীক গ্ৰেপ্তাৰ কৰে। একদৰে এই ঘটনাৰ লগত জৰিত গুৱাহাটীৰ আদাবাৰীৰ ড্ৰাগ বিতৰক ৰাকেশ মজুমদাৰক যোৱা ১১ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ আজি এক সংবাদমেলৰ জৰিয়তে তথ্যখিনি প্ৰকাশ কৰি কয় যে গুৱাহাটীৰ পৰা ৰাকেশ মজুমদাৰ গোৱালপাৰাৰ ৰৌশন ড্ৰাগ ডিট্ৰিবিউটৰৰ নামৰ এটা ভূৱা ফাৰ্মত কোৰিয়াৰ যোগে নিষিদ্ধ ড্ৰাগছ প্ৰেৰণ কৰি আহিছিল। গোৱালপাৰাৰ অৰিন্দম কোৰিয়াৰ ছাৰ্ভিছে উক্ত ড্ৰাগছ কোৰিয়াৰ যোগে গ্ৰহন কৰি ধুবুৰীৰ ড্ৰাগছ মাফিয়াৰ জৰিয়তে মানকাচৰলৈ সৰবৰাহ কৰে। আনহাতে মানকাচৰৰ ড্ৰাগছ মাফিয়াই মানকাচৰৰ বিভিন্ন এলেকাৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয় আৰু বাংলাদেশলৈ সৰবৰাহ কৰে। ড্ৰাগছৰ এই কাৰবাৰৰ লগত এতিয়ালৈ চাৰিজন গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰু ৫ গৰাকী ব্যক্তিৰ নাম আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। শীঘ্ৰে ড্ৰাগছ মাফিয়া চক্ৰটোক আৰক্ষীয়ে কৰায়ত্ব কৰিব বুলি আজি জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক জনে সংবাদমেলত জানিবলৈ দিয়ে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments