Monday, September 16, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত তিনিটা কামৰ উদ্ধোধন কৰিলে বিধায়ক আমিনুল ইছলাম

মানকাচৰত তিনিটা কামৰ উদ্ধোধন কৰিলে বিধায়ক আমিনুল ইছলাম

মানকাচৰৰ কঠালবাৰী-পুৰানদিয়াৰা সংযোগী গড়কপ্তানি পথটো বিগত প্ৰায় ৬০ বছৰ ধৰি লোক নিৰ্মাণ বিভাগে কোনো কাম নকৰাৰ ফলত পথটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে। যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম নিৰ্বাচনত জয়ী হলে পথটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। উক্ত প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি বিধায়ক আমিনুল ইছলামে পথটো পুনৰ নিৰ্মাণৰ কামৰ বাবে শুভ উদ্ধোধন কৰে।  মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আচনিৰ জৰিয়তে দুই কিলোমিটাৰ পথটো নিৰ্মাণৰ বাবে ১ কোটি ৩৩ লাখ ৭ হেজাৰ টকাৰ ব্যয় সাপেক্ষে পথটো পুনৰ নিৰ্মাণ কৰা হব। নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিধায়ক আমিনুল ইছলাম আজি এই কামৰ আধাৰশিলা স্থাপন কৰাত অঞ্চলবাকী উতফল্লিত হয়। বিধায়ক এই কঠালবাৰী-পুৰানদিয়াৰ সংযোগী পথটোৰ উপৰিও একে আচনিৰ পৰা সুখচৰৰ পৰা গোটাবাৰী সংযোগী গড়কপ্তানি পথটো পুনৰ নিৰ্মাণৰ বাবে বিধায়ক গৰাকী ১ কোটি ৪৩ লাখ ৫৮ হেজাৰ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে। সুখচৰ-গোটাবাৰী সংযোগী এই গড়কপ্তানি পথটোও বিগত প্ৰায় ৩০ বছৰ ধৰি কোনো কাম হোৱা নাই। আনহাতে দীৰ্ঘ দিন ধৰি বিধস্ত হৈ থকা খোপাতীয়া বজাৰৰ পৰা গোটাবাৰী সয়োগী পথটোও পুনৰ নিৰ্মাণৰ বাবে আজি বিধায়ক গৰাকীয়ে ১ কোটি ২৯ লাখ ৯৮ হেজাৰ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments