Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী

হাটশিঙিমাৰীত কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী

বুধবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত হাটশিঙিমাৰীত জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত অনুষ্ঠিত হোৱা জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচীত গোলকগঞ্জ সমষ্টিৰ বিধায়ক ছোবাহান আলী সৰকাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এই সত্যাগ্ৰহ কাৰ্যসূচীৰ দলৰ জেষ্ঠ নেতা সকলৰ লগতে জিলা কংগ্ৰেছৰ দুই শতাধিক কৰ্মী উপস্থিত আছিল। ৰাহুল গান্ধীক সাংসদ পদৰ পৰা অপহাৰণ আৰু  জেল নিয়া প্ৰসংগৰ বিষয়ে বিস্তাৰিত ভাবে আলোচনা কৰা হয়। ইয়াৰ পাচত গোলকগঞ্জৰ বিধায়ক গৰাকীৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি ডাঃ মতিউৰ ৰহমান মণ্ডল সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয় যে কংগ্ৰেছৰ ভাল ভাল নেতাক ইডি, চিবিআইৰ ভয় দেখুৱাই বিজেপিক যোগদান কৰায়। যিনেতা বিজেপিত যোগদান নকৰে তেওঁক বিভিন্ন মিছা গোচৰ দি জেলত ভৰাই থয়। গোলকগঞ্জৰ বিধায়ক গৰাকী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো সাৰদা, লুই বাৰ্গাৰ কেলেংকাৰীৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী গৰাকীক সমালোচনা কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments