Saturday, July 27, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিহাটশিঙিমাৰী আজমল কলেজত ৩৭ গৰাকী শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা

হাটশিঙিমাৰী আজমল কলেজত ৩৭ গৰাকী শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা

হাটশিঙিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি ৩৭ গৰাকী শিক্ষাৰ্থীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হৈছে । এই শিক্ষাৰ্থী কেইগৰাকী যোৱা বছৰ হায়াৰচেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী স্কুটী আঁচনিৰ পৰা ড০ বানিকান্ত কাকতি কৃতি বঁটাৰ জৰিয়তে স্কুটী লাভ কৰিছে। জিলাখনৰ ভিতৰত এই হাটশিঙিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩৭ গৰাকী শিক্ষাৰ্থীয়ে বটা লাভ কৰি স্কুলখন জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। যোৱা বছৰো আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩৮ গৰাকী শিক্ষাৰ্থীয়ে এই বটা লাভ কৰিছিল। আজি আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছাইফুল ইছলাম শিকদাৰৰ উপস্থিতিত শিক্ষাৰ্থী কেইজনৰ লগতে অভিভাৱক সকলক এই সম্বৰ্ধনা জনোৱা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments