Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী চিকিৎসালয়ৰ চিকিৎসকৰ কৰ্মফাকি

হাটশিঙিমাৰী চিকিৎসালয়ৰ চিকিৎসকৰ কৰ্মফাকি

হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ৰ ৰোডিঅলোজিষ্ট ডাঃ আৰিফ আহমেদ আজি হাস্পাতালত নিজৰ কৰ্তব্য পালন নকৰি ছুপাৰ মাৰ্কেটত থকা আল নুৰ ডাইগোনোষ্টিক চেণ্টাৰত কাম কৰাৰ তথ্য পোহৰলৈ আহিছে। অসামৰিক চিকিৎসালয়খনত চিকিৎসকজনৰ আজি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ ডিউটি আছিল। কিন্তু চৰকাৰী চিকিৎলায়ত ডিউটি নকৰি তেওঁ আল নুৰত ডিউটি কৰাক লৈ স্থানীয় সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলা বিজেপিৰ উপ সভাপতি মনিৰুজ্জামান মনি চিকিৎসক জনৰ বিৰুদ্ধে চৰকাৰ তথা জিলা প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী তুলিছে। চিকিৎসক জনে হাস্পাতালত চাকৰিত যোগদান কৰাৰ পাচৰে পৰা এইদৰে কৰ্মক ফাকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আজি সাংবাদিকৰ কেমেৰাৰ আগত চিকিৎসক জনে চৰকাৰী হাস্পাতালৰ যন্ত্ৰ পাতি বেয়া হোৱা বাবে আল নুৰত ডিউটিৰ সময়ত কাম কৰি থকা বুলি বিস্ফোৰক স্বাকাৰোক্তি দিয়ে। তেওঁৰ বিৰুদ্ধে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ তথা চৰকাৰে কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments