Saturday, February 28, 2026
Google search engine
গৃহস্থানীয়পিপুলবাৰীত পথ দূৰ্ঘটনা

পিপুলবাৰীত পথ দূৰ্ঘটনা

অসম-মেঘালয় সীমান্তৱৰ্তী উত্তৰ পিপুলবাৰীত এক ভয়ংকৰ পথ দূৰ্ঘটনাত এজন যুৱক আহত হৈছে। কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ উত্তৰ পিপুলবাৰীত নম্বৰবিহীন মটৰ চাইকেলৰ সৈতে এম এল ০৮ জি ০০৪৮ নম্বৰৰ এটা মহিন্দ্ৰা পিক আপৰ মুখামুখী সংঘৰ্ষ হয়। কাইমাৰাৰ এগৰাকী যুৱক আহত হৈছে। আহত যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে যুৱক জনক গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে পিক আপ ভান চালক জনক কৰায়ত্ব কৰাৰ লগতে পিক আপ খন জব্দ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments