Friday, October 18, 2024
Google search engine
গৃহবিশেষ প্ৰতিবেদনগো-মাতাক সুৰক্ষা দিয়াত ব্যৰ্থ নেকি গেৰুৱা চৰকাৰ !

গো-মাতাক সুৰক্ষা দিয়াত ব্যৰ্থ নেকি গেৰুৱা চৰকাৰ !

গো-মাতা সুৰক্ষাৰ নামত গেৰুৱা চৰকাৰে যিমানে দম্বালি নামাৰক কিয় দক্ষিণ শালমাৰা মানকাচৰ জিলাত প্ৰতিনিশা বাংলাদেশ সীমান্তয়েদি অমানসিক ভাবে গো-মাতা পাচাৰ হোৱা ঘটনাই গো-মাতা সুৰক্ষা আইন ধোৱা চাঙত উঠিছে। শেহতীয়াকৈ বিধানসভাত মানকাচৰৰ বিধায়ক আমিনুল ইচলাম মানকাচৰ-বাংলাদেশ সীমান্ত ড্ৰাগছ সৰবৰাহৰ মূল কৰিডোৰ হিচাপে পৰিগনিত হৈছে বুলি মন্তব্য কৰাৰ পাছত আৰক্ষী ততপৰ হৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ড্ৰাগছৰ সমান্তৰাল ভাবে জিলাখনৰ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্তৰ সমান্তৰালভাবে উন্মক্ত নদী তথা চৰ সীমান্তয়েদি বাংলাদেশলৈ প্ৰায় প্ৰতি নিশা অমানসিক বাবে চোৰাং সৰবৰাহকাৰীয়ে গৰু বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে। আজি জিলাখনৰ বিভিন্ন এলেকাত আৰক্ষী আৰু বিএছএফৰ হাতত মুঠ ২২ টা চোৰাং গৰু জব্দ হোৱাৰ লগতে এটা গৰু সৰবাহকাৰী কৰায়ত্ব হৈছে। জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মহামায়াচৰত ৪৯ নং বেটেলিয়ান বিএছএফে ১১ টা চোৰাং গৰু সীমান্তৰ পৰা জব্দ কৰিছে। গৰু কেইটা নদী তথা উন্মক্ত চৰ সীমান্তয়েদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল। এখন যন্ত্ৰ চালিত নাওঁত ভৰ্তি কৰি গৰু কেইটা আনিছিল যদিও বিএছএফে অভিযান চলোৱাত গৰু সহ নাও এৰি সৰবৰাহকাৰী দলটো নদী সাতুৰি পলায়ন কৰে। বিএছএফে গৰু কেইটা জব্দ কৰি দক্ষিণ শালমাৰা থানাত চমজাই দিছে বুলি জানিব পৰা গৈছে।

আনহাতে জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ দয়াৰচৰত আৰক্ষীয়ে পুৱতি নিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই থকা অৱস্থাত চাৰিটা চোৰাং গৰু সহ এটা গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত গৰু সৰবৰাহকাৰীটোক আমিনুল ইছলাম (২৪) বুলি চিনাক্ত কৰা হৈছে।

একেদৰে সীমান্তৰ গুদলিগাওঁ বিএছএফ কেম্প এলেকাৰ পৰা ৪৫ নং বেটেলিয়ান বিএছএফে ৭ টা চোৰাং গৰু জব্দ কৰিছে। জব্দ কৰা এই ৭ টা চোৰাং গৰু সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি সৰবৰাহ কৰিবলৈ অনা হৈছিল। বাঁহৰ ঢেকিৰে গৰু কেইটা সৰবৰাহ কৰিবলৈ ধৰাত টহলধাৰী বিএছএফে গৰু কেইটা জব্দ কৰিছে। ইতিমধ্যে বিএছএফে গৰু কেইটা আৰক্ষীক চমজাই দিয়াত আৰক্ষীয়ে গোশালাত জমা কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments