Saturday, July 27, 2024
Google search engine
গৃহবিশেষ প্ৰতিবেদনমানকাচৰত মিজিলছৰ আতংক !

মানকাচৰত মিজিলছৰ আতংক !

যোৱা ২৩ মাৰ্চত মানকাচৰৰ সুখচৰ থানা এলেকাৰ বেপাৰীপাৰা গাঁৱৰ মুছকান নামৰ এটি ছমীয়া শিশু মিজিলছ ( সৰু আই ) বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাচত জিলাখনত স্বাস্থ্য বিভাগক হাহাকাৰৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে, মুছকান নামৰ শিশুটিৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ লক্ষণ দেখি মিজিলছৰ পৰীক্ষা কৰা হয়। ফলত শিশুটিৰ দেহত মিজিলছৰ পজিটিভ ধৰা পৰে। এই ঘটনাৰ পাচত জিলা প্ৰশাসন স্বাস্থ্য বিভাগক লৈ এখন বৈঠক অনুষ্ঠিত কৰি বেপাৰীপাৰা গাওঁত মিজিলছ নিৰাময়ৰ অভিযান আৰম্ভ কৰে। শেহতীয়াকৈ জিলাখনৰ বেপাৰীপাৰাৰ উপৰিও মানকাচৰ থানা এলেকাৰ মানুল্ল্যাপাৰাৰ বামুনৰাৰা গাওঁ আৰু বাঘাপাৰা গাওঁতো মিজিলছৰ আতংক আৰম্ভ হৈছে। জিলা স্বাস্থ্য বিভাগৰ জিলা স্বাস্থ্য বিষয়া তথা জিলা টীকাকৰণৰ দায়িত্বত থকা চিকিতসক ডাঃ ছিৰাজুল হকে জানিবলৈ দিয়া মতে, জিলাখনত এতিয়ালৈ বেপাৰীপাৰা, বামুনপাৰা আৰু বাঘাপাৰা গাওঁ তিনিখনত মুঠ ২৬টা শিশু এই সৰু আই বেমাৰত আক্ৰান্ত হৈছে। ইয়াৰে বেপাৰীপাৰাৰ ছমীয়া শিশুটি মৃত্যু মুখত পৰাৰ লগতে বাকী ২৪ টা শিশু ইতিমধ্যে স্বাস্থ্য বিভাগৰ ততপৰতাত আৰোগ্য লাভ কৰিছে। বৰ্তমানে এটি শিশু মিজিলছত আক্ৰান্ত হৈ আছে যদিও শীৰ্ঘে আৰোগ্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। চিকিতসক জনে এই সন্দৰ্ভত কয় যে কোনো এখন গাওঁত ৫ বা তাতকৈ অধিক শিশু মিজিলছ বেমাৰত আক্ৰান্ত হলে সেই গাওঁখনত অন্য শিশুৰ গাত দ্ৰুত গতিত মিজিলছে আক্ৰমণ কৰে। ফলত অন্য শিশু সকল এই বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাবনা যথেষ্ট পৰিমানে থাকে। ঠিক একেদৰে মিজিলছত মৃত্যু হলে সেই গাওঁখনতো বেমাৰ দ্ৰুত সংক্ৰমণ হব পাৰে। মিজিলছ যাতে জিলাখনত দ্ৰুত সংক্ৰমণ নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ ততপৰ হৈ উঠিছে। ইতিমধ্যে চিনাক্ত হোৱা গাওঁ তিনিখনত স্বাস্থ্য বিভাগে দুদিনীয়া কাৰ্যসূচীৰে ঘৰে ঘৰে গৈ শিশু সকলৰ স্বাস্থ্যৰ বুজ লৈ ভিটামিন এ প্ৰদান কৰা পৰিলক্ষিত হৈছে। শিশু সকলক ভিটামিন এ প্ৰদান কৰিলে এই বেমাৰৰ সহজে আক্ৰমণ কৰিব নোৱাৰে। একেদৰে যদি কোনো শিশুক মিজিলছৰ পৰা সুৰক্ষা দিয়াৰ বাবে টীকা প্ৰদান কৰিব লাগে তেন্তে স্বাস্থ্য বিভাগে টীকা প্ৰদানৰ বাবেও প্ৰস্তুতি হাতত লৈছে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, মিজিলছ ভাইৰাচ কেবল শিশু সকলক আক্ৰমণ কৰে। ফলত শিশু সকল এই বেমাৰত আক্ৰান্ত হৈ এজনৰ পৰা আন এজনলৈ দ্ৰুত গতিত সংক্ৰমণ হয়।

লক্ষণীয় যে জিলা স্বাস্থ্য বিভাগে জিলাখনত চিনাক্ত হোৱা উক্ত তিনিখন গাওঁৰ উপৰিও সংলগ্ন গাওঁ সমূহতো সম্পূৰ্ণ এমাহ ধৰি ঘৰে ঘৰে অভিযান চলাব। কোনো পদ্দেই যাতে জিলাখনত এই মিজিলছ আৰু অধিক নহয় তাৰ প্ৰতি লক্ষ্য কৰি স্বাস্থ্য বিভাগে এই অভিযান চলাব বুলি জিলা স্বাস্থ্য বিষয়া ডাঃ ছিৰাজুল ইছলামে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments