Tuesday, November 19, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত গ্ৰীনিজ বুকত নাম অন্তৰ্ভূক্ত কৰাৰ শেষ আখৰা

হাটশিঙিমাৰীত গ্ৰীনিজ বুকত নাম অন্তৰ্ভূক্ত কৰাৰ শেষ আখৰা

অসমৰ বাপোতি সাহোন বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰি গ্ৰীনিজ বুকত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অসম চৰকাৰে ১৪ এপ্ৰিলত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত বিহু নৃত্যৰ বিশাল আয়োজন কৰিছে। ৰাজ্যখনৰ ১০ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে একেলগে বিহু নৃত্য কৰি গ্ৰীনিজ বুকত নাম অন্তৰ্ভূক্ত কৰিব। ৰাজ্যচৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ বাবে প্ৰতিখন জিলাত বিহুৱা-বিহুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ২৫ মাৰ্চৰ পৰা লক্ষীমপুৰ জিলাৰ পৰা অহা চাৰি মাষ্টাৰ প্ৰশিক্ষকে শতাধিক বিহুৱা-বিহুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি জিলাখনৰ পৰা মুঠ ২০ গৰাকী নাচনি আৰু বিহুৱা বাছনি কৰিছে। উক্ত ২০ গৰাকী নাচনি আৰু বিহুৱাক আজি হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত জিলা প্ৰশাসনৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক বিহু নৃত্যৰ বাবে সাজ-পোচাক বিতৰণ কৰা হয়। এই অনুষ্ঠানত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক হৰেন টকবীৰ লগতে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়া-ববীয়া উপস্থিত আছিল। আজি হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত বিহুৱা-বিহুৱতী সকলে শেষ আখৰা অনুষ্ঠিত কৰে। কাইলৈ বিহুৱা-বিহুৱতী সকলক লৈ জিলা প্ৰশাসন গুৱাহাটীলৈ ৰওনা হব। ১৪ এপ্ৰিলত মূল অনুষ্ঠানত জিলাখনৰ পৰা এই ২০ গৰাকী বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহন কৰিব বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments