মানকাচৰ-বাংলাদেশ সীমান্তৰ গুদলিগাঁৱত ৭ টা চোৰাং গৰু জব্দ

0
42

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী গুদলিগাওঁতো আজি পুৱতি নিশা ৪৫ নং বেটেলিয়ান বিএছএফে ৭টাকৈ চোৰাং গৰু জব্দ কৰিছে। গৰু কেইটা সৰবৰাহকাৰীয়ে সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশত সৰবৰাহ কৰাৰ বাবে আনিছিল যদিও টহলধাৰী বিএছএফে গৰু কেইটা জব্দ কৰে। জিলাখনৰ তিনিটা স্থানত আজি এইদৰে আৰক্ষী আৰু বিএছএফে মুঠ ২২ টা চোৰাং গৰু, এটা যন্ত্ৰ চালিত নাওঁ সহ এটা গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।