Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়এইচ পি এলৰ তৃতীয় কোৱাৰ্টাৰাত জ্ঞান বিকাশ একাডেমীৰ জয়

এইচ পি এলৰ তৃতীয় কোৱাৰ্টাৰাত জ্ঞান বিকাশ একাডেমীৰ জয়

হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ তৃতীয় প্ৰি কোৱাৰ্টাৰ খেলখন কালি সন্ধিয়া ৯.৩০ বজাত জ্ঞান বিকাশ একাডেমী আৰু ৰেড এণ্ড হোৱাইট হেল্থ ইডুকেশ্বন কো অপটেটিভ ছোচাইটিৰ মাজত অনুষ্ঠিত হৈছে। খেলখনত জ্ঞান বিকাশ একাডেমী নিৰ্ধাৰিত ১০ অভাৰত ৫ উইকেট হেৰুৱাই ৯৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰেড এণ্ড হোৱাইট দল ১০ অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ৬৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। খেলখনত মনিৰুল ইছলাম ৰিপন ১৩ বলত ২৫ ৰান সংগ্ৰহ কৰাৰ লগতে এটা উইকেট লাভ কৰাত তেওঁক ম্যান অফ দ্যা মেচ প্ৰদান কৰা হয়। আজি এইচ পি এলৰ চতুৰ্থ প্ৰি কোৱাৰ্টাৰ খেল হাটশিঙিমাৰী গ্লোবেল ইডুকেশ্বন আৰু ঠাকুৰানবাৰী শ্বাৰ্কছৰ মাজত অনুষ্ঠিত হৈ আছে। খেলখনত গ্লোবেল ইডুকেশ্বন টচত জয়ী হৈ প্ৰথমে বেটিং কৰি ৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯২ ৰান সংগ্ৰহ কৰে। বাতৰি লিখা পৰলৈকে ঠাকুৰানবাৰী দল এক উইকেটৰ বিনিময়ত ৫৭ ৰান সংগ্ৰহ কৰিছে। ঠাকুৰানবাৰীৰ উইকেট হেৰুৱাৰ পাচত খেলখনত বিতৰ্ক আৰম্ভ হৈছে। ঠাকুৰানবাৰীৰ মতে আম্পায়াৰে ভূলত উইকেট পতনৰ ঘোষনা কৰিছে । কিন্তু গ্লোবেলৰ মতে আম্পায়াৰৰ সিদ্ধান্ত চুৰান্ত সিদ্ধান্ত বুলি কৈ গ্লোবল নিজৰ সিদ্ধান্তত অটল আছে। নিশা ১১.৪৫ বজালৈ খেলখন আৰম্ভ হোৱা নাই। ইফালে কাইলৈ পঞ্চম প্ৰিকোৱাৰ্টাৰ খেল হাটশিঙিমাৰী এম্বুলেঞ্চ ১১ ষ্টাৰ আৰু পুৰানদিয়াৰা দলৰ মাজত অনুষ্ঠিত হব।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments