এইচ পি এলৰ দ্বিতীয় প্ৰিকোৱাৰ্টাৰত দাফাদাৰপাৰাৰ জয়

0
39

হাটশিঙিমাৰী প্ৰিমিয়াম লীগ চমুকৈ এইচ পি এলৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেল কালি সন্ধিয়া ৯.৩০ বজাত কানাইমাৰা মনিৰুজ্জামান নাইন ষ্টাৰ আৰু দাফাদাৰপাৰা নাইন ষ্টাৰৰ মাজত অনুষ্ঠিত হৈছে। খেলখনত দাফাদাৰপাৰা নাইন ষ্টাৰ দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত মনিৰুজ্জামান নাইন ষ্টাৰ দল নিৰ্ধাৰিত ১০ অভাৰত ৫ টা উইকেটৰ বিনিমত ১০৪ ৰান সংগ্ৰহ কৰি ১৭ ৰানত পৰাস্ত হয়। এইচ পি এলৰ প্ৰথম প্ৰি কোৱাৰ্টাৰ ফাইনেলত শান্তিপুৰ দল জয়ী হোৱাৰ লগতে দ্বিতীয়টো প্ৰি কোৱাৰ্টাৰত দাফাদাৰপাৰা দল জয়ী হৈছে। আজি তৃতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখন হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমী আৰু ৰেড এণ্ড হোৱাইট হেলথ ইচুকেশ্বন কো-অপটেটিভ ছোচাইটিৰ মাজত অনুষ্ঠিত হৈ আছে। খেলখনত জ্ঞান বিকাশ একাডেমী টচত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে । কাইলৈ চতুৰ্থ প্ৰি-কোৱাৰ্টাৰ ফাইনেল হাটশিঙিমাৰী গ্লবেল ইডুকেশ্বন আৰু ঠাকুৰাণবাৰী শ্বাৰ্কছৰ মাজত অনুষ্ঠিত হব। অহা ১৩ এপ্ৰিললৈ মুঠ ১৬ টা দলৰ মাজত ৮ টা প্ৰিকোৱাৰ্টাৰ খেল অনুষ্ঠিত হোৱাৰ পাচত জয়ী হোৱা ৮ টা দলৰ মাজত চাৰিটা কোবাৰ্টাৰ ফাইনেল অনুষ্ঠিত হব।