Saturday, July 20, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিহাটশিঙিমাৰীত শিক্ষকক এছচিইআৰটিৰ প্ৰশিক্ষণ

হাটশিঙিমাৰীত শিক্ষকক এছচিইআৰটিৰ প্ৰশিক্ষণ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ ১০০ জন বাছনিকৃত শিক্ষকক SCERT ৰ ফালৰ পৰা বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । SCERT ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত SCERT ৰ যুটীয়া সঞ্চালক লক্সী কান্ত দাস, ধুবুৰী DIEd ৰ প্ৰবক্তা জগনাথ পাল, হাটশিঙিমাৰী জিলা সমগ্ৰ শিক্ষা আঁচনি বিষয়া ৰাফিউল আলম আহমেদ প্ৰমুখে শিক্ষা বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকি শিক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰে। National Achievement Survey চমুকৈ NAS  ৰ ফলাফলৰ ওপৰত ভিত্তী কৰি বিদ্যালয় পৰ্যায়ত শিক্ষাৰ্থী সকলক উপযুক্ত শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি জিলা সমগ্ৰ শিক্ষাৰ আঁচনি বিষয়া ৰাফিউল আলম আহমেদে জানিবলৈ দিছে। আনহাতে এই প্ৰশিক্ষণত অংশগ্ৰহন কৰা সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ছাহেবা বেগম শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ অনাগত দিনত এইদৰে প্ৰতিগৰাকী শিক্ষকক এনে প্ৰশিক্ষণ দিলে শিক্ষক সকলে শিক্ষাৰ্থী সকলক উন্নত তথা গুণগত শিক্ষা প্ৰদান কৰাত সহায় হব বুলি মন্তব্য কৰে। শিক্ষয়িত্ৰী গৰাকী আৰু কয় যে গাওঁৰ শিক্ষা উন্নত হলে জিলাৰ শিক্ষা উন্নত হয়, একেদৰে জিলাৰ শিক্ষা উন্নত হলে ৰাজ্যৰ শিক্ষা আৰু ৰাজ্যৰ শিক্ষা উন্নত হলেহে দেশৰ শিক্ষা উন্নত হয়। সেয়ে শিক্ষাৰ প্ৰতি প্ৰতিজন শিক্ষক আৰু শিক্ষাৰ্থী গুৰুত্ব দিব লাগে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments