মানকাচৰ বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি নিচাযুক্ত টেবলেট সৰবৰাহ কৰিবলৈ গৈ কালি বিএছএফৰ হাতত কৰায়ত্ব হোৱা ড্ৰাগছ সৰবৰাহকাৰী মৃদুল হুছেইনক আজি মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে। আদালতে ড্ৰাগছ সৰবৰাহকাৰীটোক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৩ লাখ টকা মূল্যৰ ৬০০ টা নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে বুলি বিএছএফ সুত্ৰে জানিব পৰা হৈছে।