হাটশিঙিমাৰীত এশ গৰাকী শিক্ষকক প্ৰশিক্ষণ

0
38

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা জিলাখনৰ ১০০ জন বাছনিকৃত শিক্ষককলৈ এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। SCERT ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত SCERT ৰ যুটীয়া সঞ্চালক লক্সী কান্ত দাস, ধুবুৰী DIEd ৰ প্ৰবক্তা জগনাথ পাল, হাটশিঙিমাৰী জিলা সমগ্ৰ শিক্ষা আঁচনি বিষয়া ৰাফিউল আলম আহমেদ উপস্থিত থাকি শিক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰে। National Achievement Survey চমুকৈ NAS  ৰ ফলাফলৰ ওপৰত বিদ্যালয় পৰ্যায়ত কাৰ্যক্ৰমৰ ব্যৱস্থা গ্ৰহন কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি জনা গৈছে।