এইচ পি এলৰ কোবাৰ্টাৰত শান্তিপুৰৰ জয়

0
40

এইচ পি এল ছিজন-২ ৰ কালি প্ৰথম প্ৰি কোৱাৰ্টাৰ খেল শান্তিপুৰ আৰু পেচাৰকান্দি দলৰ মাজত অনুষ্ঠিত হৈছে। শান্তিপুৰ দল টচত জয়ী হৈ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত দহ অভাৰৰ ভিতৰত ৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পেচাৰকান্দি দল ১০ অভাৰত ৫ উইকেটৰ বিনিময়ত ৯০ ৰান সংগ্ৰহ কৰি ৬ ৰানত পৰাস্ত হয়। শান্তিপুৰ দলৰ হৈ ৰাজদ্বীপ কৰ্মকাৰ ১৬ বলত ৩৪ ৰান সংগ্ৰহ কৰাৰ লগতে এটা উইকেট লাভ কৰাত তেওঁক মেন অফ দ্যা মেচ দিয়া হয়। টুৰ্ণামেণ্ট খনৰ আজি দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেল কানাইমাৰা মনিৰুজ্জামান নাইন ষ্টাৰ আৰু দাফাদাৰপাৰা নাইন ষ্টাৰৰ মাজত অনুষ্ঠিত হৈ আছে। কাইলৈ তৃতীয়খন প্ৰিকোৱাৰ্টাৰ খেল জ্ঞান বিকাশ একাডেমী আৰু ৰেড এণ্ড হোৱাইট হেল্থ ইডুকেশ্বন কো-অপটেটিভ ছোচাইটিৰ মাজত অনুষ্ঠিত হৱ।