মানকাচৰ-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে বিধানসভাত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰক্ষীৰ বিৰুদ্ধে সৰব হোৱাৰ পাচত মানকাচৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। কালি বাংলাদেশ সীমান্তৰ পৰা বিএছএফৰ সহযোগত এটা ড্ৰাগছ সৰবৰাহকাৰীক ৬০০ টা নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ কৰাৰ লগতে ধুবুৰী জিলাৰ সাপটগ্ৰাম থানা এলেকাৰ অধীনস্থ ৰাণীগঞ্জ গাঁৱত মানকাচৰ আৰক্ষীয়ে ড্ৰাগছৰ লগত জৰিত এটা সৰবৰাহকাৰীক কৰায়ত্ব কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ৰানীগঞ্জৰ মৰুদ্দিনৰ পুত্ৰ মোবাৰক হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে আজি ড্ৰাগছ সৰবৰাহকাৰীটোক দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে। আদালতে অধিক তদন্তৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীটোক তিনিদিনৰ জিম্মাত লৈছে। লক্ষণীয় যে মোবাৰক আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সয়মত ড্ৰাগছ জব্দ কৰিব পৰা নাই যদিও মানকাচৰৰ একাংশ ড্ৰাগছ ব্যৱসায়ীক তেওঁ বহি ৰাজ্যৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আনি মানকাচৰৰ ড্ৰাগছ ব্যৱসায়ীক যোগান দিয়াত মানকাচৰৰ ড্ৰাগছ মাফিয়াই সৰবৰাহকাৰীৰ জৰিয়তে বাংলাদেশত সৰবৰাহ কৰে বুলি জানিব পৰা গৈছে।