Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কালাপানীত ৪ জুৱাৰীক গ্ৰেপ্তাৰ

মানকাচৰৰ কালাপানীত ৪ জুৱাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষীয়ে যোৱা নিশা প্ৰায় ১১ বজাত বেঙেৰভিটাত অভিযান চলাই জুৱা খেলি থকা চাৰি জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে এক গোপন সুত্ৰৰ ভিত্তীত কালাপানী আৰক্ষীৰ দল এটা বেঙেৰভিটা গাঁৱত জুৱাৰ বিৰুদ্ধে অভিযান চলায়। গাঁওখনৰ লোক এজনৰ ঘৰত জুৱাৰী সকলে তাচপাতেৰে জুৱা খেলি থকা অৱস্থাত চাৰিটা জুৱাৰীক কৰায়ত্ব কৰে। ধৃত জুৱাৰী কেইটা ক্ৰমে, কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ বেঙেৰভিটা গাঁৱৰ আব্দুল আলীৰ পুত্ৰ আনোৱাৰ হুছেইন (৩৬),  চিৰাখোৱা কুটিৰঘাট গাঁৱৰ প্ৰয়াত আব্দুল কাশেমৰ পুত্ৰ ওমৰ ফাৰুক (৩৫), প্ৰয়াত নবিন উদ্দীনৰ পুত্ৰ ছায়েদ আলী (৩০) আৰু গোলাম হুছেইনৰ পুত্ৰ ছাহিৰুল আলম (২২) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নগদ ১০৫০০ টকা জব্দ কৰাৰ লগতে তাচপাত উদ্ধাৰ কৰিছে। জুৱাৰী কেইটাক আজি দিনৰ প্ৰায় ১২ বজাত জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments