আকৌ বাল্য বিবাহ ! নাবালিকা ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

0
68

ৰাজ্যজুৰি বাল্য বিবাহবিৰোধী অভিযান চলি থকাৰ মাজতে প্ৰায় এমাহ পূৰ্বে মানকাচৰৰ বড়ো বাঘঝোপাত এটি ১৪ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি বাল্য বিবাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ মতে ১৪ বছৰীয়া ছাত্ৰী জনীক মানকাচৰ থানা এলেকাৰ কালোঘাটৰ নুৰ ছালাম সেখৰ পুত্ৰ ছাইফুল ইছলাম অপহৰণ কৰি নি মেঘালয়ত বাল্য বিবাহ কৰে। ইয়াৰ পাচত এমাহ বলপূৰ্বক ধৰ্ষণ কৰি ঘৰলৈ উভতাই পঠায়। ঘটনাক লৈ ভূক্তভূগী ছাত্ৰীজনীৰ পিতৃয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তীত সুখচৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।