সামান্য বৰষুণ হ’লেই বিধস্ত হয় মানকাচৰৰ বাট-পথ

0
54

অকনমান কিনকিনিয়া বৰষুণ হলেই মানকাচৰ সমষ্টিৰ একাংশ বাট-পথ যাতায়তৰ বাবে অনুপযোগী হৈ পৰে। প্ৰায় প্ৰতিবছৰে কালাপানী-সাদুল্যাবাৰী সংযোগী পকী পথটোৰ বোকাময় হৈ পৰে। কালি নিশা হোৱা বৰষুণৰ ফলত পথটোৰ বয়সাবাৰীত একাঠু প্ৰযন্ত বোকা হোৱাত পথচাৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। প্ৰতিদিনে হেজাৰ হেজাৰ লোক, বাহন চলাচল কৰা পকী পথটোৰ এনে দূৰাৱস্থা হোৱাৰ পাচতো পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গড়কপ্তানি বিভাগে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ফলত সাধাৰণ জনতা এইদৰে বোকাময় পথটোৰ ওপৰেদি কোনোমতে যাতায়ত কৰিবলগীয়া হৈছে। কালাপানী অঞ্চলৰ মূল পকী পথটোৰ এনে দুৰাৱস্থা হলে মানকাচৰ সমষ্টিৰ কেচা পথৰ অৱস্থা কি হব পাৰে সেয়া সহজে অনুমেয়।