মানকাচৰৰ কুচনিমাৰাত ধুমুহা ! সামান্য ক্ষতি

0
55

যোৱা নিশা হঠাত অহা ধুমুহা বৰষুণৰ ফলত মানকাচৰৰ কুচনিমাৰাত কৃষকৰ খেতি বাতি নষ্ট হৈ পৰে। অঞ্চলটোত ধুমুহাই তাণ্ডৱলীলা চলোৱাৰ ফলত একাংশ লোকৰ ঘৰৰ বেৰ, কেবাটাও গছ উভালি পৰা পৰিলক্ষিত হয়। খেতি বাতি নষ্ট হোৱাত কৃষক সকল ক্ষতিগ্ৰস্থ হোৱা পৰিলক্ষিত হৈছে। কুচনিমাৰা অঞ্চলত সামান্য ক্ষতি হলেও জিলাখনৰ অন্য স্থানত ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।