জে’লত নিবলৈ ধৰা চোৰ আৰক্ষীৰ বেহু ভাঙি পলায়নৰ চেষ্টা

0
55

মানকাচৰত গ্ৰেপ্তাৰ হোৱা ইৰিক্সা চোৰ দুটাক জেললৈ নিয়া অৱস্থাত ধুবুৰী ফেৰী ঘাটৰ পৰা হেণ্ডকাপ সহ আৰিফুল ইছলাম নামৰ চোৰটো আৰক্ষীৰ বেহু ভাঙি পলায়নৰ চেষ্টা কৰে। কিন্তু আৰক্ষীয়ে দৌৰি দৌৰি ৰাইজৰ সহযোগত চোৰটোক পুনৰ কৰায়ত্ব কৰি ধুবুৰী জেলত প্ৰেৰণ কৰে। চোৰদুটাক মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰোৱাত আদালতে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ ফেৰীযোগে নিয়া অৱস্থাত ফেৰীখন ধুবুৰী যোগমায়া ঘাট পোৱাৰ পাচত সুযোগ বুজি আৰক্ষীৰ বেহু ভাঙি পলায়নৰ চেষ্টা চলায়।